গুৱাহাটী আৰু উত্তৰ -পূৰ্বাঞ্চলত টেষ্ট ৰাইড আৰু বুকিংৰ বাবে ৰয়েলএনফিল্ডৰ মটৰ চাইকেল উপলব্ধ

0 335

মধ্যম ওজনৰ মটৰ চাইকেল (২৫০-৭৫০ চি চি)ৰ শাখাৰ গোলকীয় নেতা ৰয়েল এনফিন্ডে আজি গুৱাহাটীত বহু প্ৰত্যাশিত অল-নিউ ক্লাছিক ৩৫০ মুকলি কৰিছে।আধুনিক চালকৰ প্ৰত্যাশা পূৰণৰ বাবে এই আদৰ্শ তথা চিৰকালীন ক্লাছিকখন মসৃণ আৰু বিশুদ্ধ চালনা অভিজ্ঞতাৰ সৈতে পুনঃনিৰ্মাণ তথা পৰিবৰ্তন কৰা হৈছে । গুৱাহাটীৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সকলো ডিলাৰশ্বিপতে এই নতুন মটৰ চাইকেলখনৰ উপলব্ধ ৰয়েল এনফিন্ডে এপ,প্ৰতিষ্ঠানটোৰ ৱেবচাইট, ডব্লিউ ডব্লিউ ডব্লিউ ডট ৰয়েল এনফিল্ড ডট কম আৰু নিকটৱৰ্তী ৰয়েল এনফিল্ড ষ্টৰৰ মাধ্যমৰে অল-নিউ ক্লাছিক ৩৫০ টেষ্ট ৰাইড আৰু বুকিং উপলব্ধ।সমগ্ৰ বিশ্বৰ মটৰ চাইকেল অনুৰাগীয়ে পছন্দ কৰা বিশুদ্ধ,বিপৰীতমুখী মটৰ চাইকেল নিৰ্মাণৰ দিশত অল নিউ ক্লাছিক ৩৫০ এ ৰয়েল এনফিন্ডৰ প্ৰতিপত্তিত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। ২০০৮ চনত মুকলিৰে পৰা ক্লাছিকৰ এখন মটৰ চাইকেল হিচাপে উত্থান ঘটিছে,যি মধ্যম ওজনৰ মটৰ চাইকেলৰ শাখাত পুনঃসজ্ঞায়িত কৰিছে আৰু এই শাখাটোক গোলকীয়ভাৱে নেতৃত্ব প্ৰদানৰ বাবে যাত্ৰা আৰম্ভ কৰি ৰয়েল এনফিন্ডৰ পুনঃজন্মক দ্ৰুত কৰি তুলিছে।১২ বছৰ আৰু ৩ নিযুতৰো অধিক মটৰ চাইকেলৰ পিছত ক্লাছিকে নিজা ৰাজত্বৰ সূচনা কৰিছে আৰু এই প্ৰতিপত্তিক আগবঢ়াই নিবলৈ অল নিউ ক্লাছিক ৩৫০ সাজু হৈছে।
বিগত বৰ্ষসমূহত ক্লাছিকৰ সফলতাক স্মৰণ কৰি ৰয়েল এনফিন্ডৰ কাৰ্যবাহী সঞ্চালক বি গোবিন্দৰাজনে কয় ভাৰতৰ মধ্যম ওজনৰ শাখাৰ বিকাশ আৰু বিপ্তাৰত ক্লাছিক হৈছে বৃহৎ অনুঘটক,একেদৰে উদীয়মান তথা বিশ্বৰ চৌদিশৰ অভিজ্ঞ ৰাইডাৰ সকলৰ মাজত অৱসৰ সময়ত চালনাৰ সমৃদ্ধ উপ সংস্কৃতি সৃষ্টিতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অল নিউ ক্লাছিক ৩৫০ এই প্ৰতিপত্তিক আগলৈ বহন কৰিছে।লগতে সম্পূৰ্ন আধুনিক তথা পুন:ৰ্নিমিত চালন অভিজ্ঞতাৰে চিৰকালীন ডিজাইনৰ ভাষা প্ৰকাশ কৰিছে।সম্পূৰ্ণ নতুনকৈ নিৰ্মিত আধুনিক জে শৃংখলৰ ইঞ্জিনৰ সৈতে সৰ্বাধুনিক চেছিছৰে ক্লাছিক ৩৬০ অপূৰ্ব ভাৱে পুনঃসুধিত তথা অনবদ্য চালনা অভিজ্ঞতা প্ৰদান কৰে।যি আকৌ প্ৰথমবাৰৰ বাবে ৰাইডিঙৰ দৰে অনুভৱ প্ৰদান কৰে।মটৰ চাইকেল খন সকলো দিশতে অধিক দৃষ্টি প্ৰদান কৰিছে,আকৰ্ষণীয় সজ্জা সকলো যন্ত্ৰশৰে পৰিপূৰ্ণ আৰু টাছপইণ্টৰ পৰা অপূৰ্ব চালনাৰ অভিজ্ঞতালৈ সকলোতে গুৰুত্ব দিয়া হৈছে।অত্যন্ত সুন্দৰ ভাৱে তৈয়াৰী এই ইঞ্জিন হৈছে অতিশয় মসৃণ।সহজভাৱে সহাৰিশীল আৰু সংযুক্ত,তদুপৰি ইয়াৰ ক্ষীপ্ৰতাত আছে চমৎকাৰ গর্জন।চালনাৰ লগতে যান জট আৰু ঠেক কোণত সৰ্বাধিক চেছিছে চালকৰ অপূৰ্ব আত্মবিশ্বাস লাভ কৰিবলৈ উৎসাহিত কৰি তোলে।অপূৰ্ব আসন ছাছপেন্সন তথা সুন্দৰ ভংগিমা প্ৰণালীৰে ক্লাছিক হৈছে সবাতোকৈ আৰামদায়ক মটৰ চাইকেল।
গুৱাহাটীৰ অল নিউ ক্লাছিক ৩৫০১ উদ্বোধনী অনুষ্ঠানত ৰয়েল এনফিন্ডৰ ৰাষ্ট্ৰীয় বাণিজ্যিক মুৰব্বী জয়প্ৰদীপ ভিয়ে কয় উত্তৰ পূৰ্বাঞ্চলৰ ৰয়েল এনফিন্ডৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বজাৰ আৰু এই অঞ্চলটোৰ অত্যাধুনিক লাভাংশ উপভোগ কৰে।উত্তৰ পূৰ্বাঞ্চলৰ ২৫-৭৫০ চি চি মটৰ চাইকেল শাখাত ৰয়েল এনফিন্ডৰ প্ৰায় ৯০ শতাংশ সংহত বজাৰ অংশীদায়ত্ব আছে।প্ৰায় ৯১ শতাংশ বজাৰৰ অংশীদ্বায়িত্ব অসমত আছে।উত্তৰ পূৰ্বত পৰ্যটন বিশেষকৈ মটৰ চাইকেল পৰ্যটন তাৎপৰ্যপূৰ্ণ বৃদ্ধিৰ সময়ত অল নিউ ক্লাছিক ৩৫০১ বিশাল সম্ভাৱনা কৰিছো।
নতুন ক্লাছিক ৩৫০ ইয়াৰ বহুমুখী প্ৰতিভাৰ পৰিপূৰ্ণ হোৱাৰ লগতে আৰাম উপযোগীতা আৰু শৈলী উন্নত কৰাৰ বাবে ডিজাইন আৰু বিকশিত জেনুইন মটৰচাইকেল আনুসংগিক সামগ্ৰী এক বিস্তৃত এৰেৰ সৈতে উপলব্ধ হ’ব।ক্লাছিক ৩৫০১ বাবে নতুন আনুসংগিক সামগ্ৰীৰ চুইচটো উদ্দেশ্য চলিত আৰু ইয়াৰ ৩৫ টা বেছপুক বিকল্প পৰিসৰ অন্তৰ্ভুক্ত থাকে।যাক নিৰ্দিষ্ট থীমৰ বাবে ডিজাইন কৰা হৈছে যি চালকক তেওঁলোকৰ পছন্দ অনুসৰি মটৰ চাইকেলৰ প্ৰকাৰ আৰু কাৰ্য উন্নত কৰিবলৈ অনুমতি দিয়ে।ৰয়েল এনফিল্ডৰ মটৰ চাইকেল আনুসংগিক সামগ্ৰী ৩ বছৰ এক বিস্তৃত ৱাৰেণ্টিৰ সৈতে আছে। আৰু মটৰ চাইকেলৰ সৈতে ডিজাইন বিকশিত আৰু প্ৰকাশিত কৰা হয়।অধিক ব্যক্তিগত আত্ম অভিব্যক্তি বাবে হেলমেট টি চাৰ্ট আৰু জীৱন শৈলী আনুসংগিক সামগ্ৰীসহ ৰাইডিং গিয়াৰৰ বাছনি ক্লাছিক ৩৫০ দ্বাৰা অনুপ্ৰাণিত কৰি ডিজাইন কৰা হৈছে। নতুন ক্লাছিক ৩৫০ সকলো প্ৰকাৰৰ বাবে বুকিং আৰু পৰীক্ষামূলক যাত্ৰা আজিৰ পৰা ভাৰতৰ ডিলাৰশ্বিপ বোৰত আৰম্ভ হ’ব।ৰেডিচ শৃংখলাৰ বাহিৰে যিটো অক্টোবৰ পৰা উপলব্ধ হ’ব।দাম হ`ব১,৮৪৩৭৪ টকা আৰু ১১টাৰঙত উপলব্ধ হ`ব!

Leave A Reply

Your email address will not be published.