নিষেধাজ্ঞা প্ৰত্যাহাৰৰ পিছত ৪ লাখতকৈ অধিক কাৰ্ড জাৰীৰ অভিলেখ এইচডিএফচি বেংকৰ

0 327

ক্ৰেডিট কাৰ্ড জাৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰৰ পিছত এইচডিএফচি বেংকে গঢ়িছে এক অভিলেখ। আজি এই বেংকে ৪ লাখতকৈও অধিক ক্ৰেডিট কাৰ্ড জাৰীৰ অভিলেখৰ ঘোষণা কৰিছে। ২১ ছেপ্টেম্বৰত এই অভিলেখ গঢ়া বেংকটোৱে নিষেধাজ্ঞাৰ প্ৰত্যাহাৰৰ পিছত বিকাশৰ পথ শক্তিশালী কৰি তুলিছে আৰু অংশীদাৰিত্বৰ সৈতে ক্ৰেডিট কাৰ্ডৰ পৰ্টফলিঅ’ আক্ৰমণাত্মক কৰি তুলিছে।
বেংকে ৩ খন কাৰ্ড পুনৰ মুকলি কৰাৰ কথাও ঘোষণা কৰিছে। এইচডিএফচি বেংকে গ্ৰাহকৰ হাতত অধিক শক্তি প্ৰদানৰে মিলেনীয়া, মানিবেক+ আৰু ফ্ৰীডম কাৰ্ডবোৰ পুনৰ মুকলি কৰিছে। ইয়াৰ সৈতে বহুতো নতুন সুবিধা আৰু লাভালাভ সংযুক্ত কৰিছে। ভাৰতত নতুন কাৰ্ড সামগ্ৰী প্ৰস্তুত আৰু সহ-প্ৰস্তুত কৰাটো এই বেংকৰ ৰণনীতি কেন্দ্ৰিক এক অংশ, যি প্ৰতিজন গ্ৰাহকক আগুৱাই নিয়াৰ সৈতে জড়িত। নতুন কাৰ্ডবোৰ ২১ অক্টোবৰৰ পৰা গ্ৰাহকসকলৰ বাবে বিভিন্ন প্ৰকাৰত উপলব্ধ হ’ব। লগতে বিদ্যমান ফ্ৰীডম আৰু মিলেনীয়া কাৰ্ড গ্ৰাহকসকলে নতুন লাভালাভবোৰ উপভোগ কৰিবলৈ সক্ষম হ’ব আৰু বেংকে এই সন্দৰ্ভত জাননী জাৰি কৰিব।
এই সন্দৰ্ভত এইচডিএফচি বেংকৰ পৰিশোধ, বিত্ত উপভোক্তা, ডিজিটেল বেংকিং আৰু আইটিৰ গ্ৰুপ হেড পৰাগ ৰাওৱে কয়-কাৰ্ডৰ ক্ষেত্ৰখনৰ এজন সফল লিডাৰ হিচাপে শীঘ্ৰে ধুমধামেৰে উভতি আহিম বুলি আমি প্ৰতিশ্ৰুতি দিছিলো। সেই অনুসৰি আমি এতিয়া কেৱল নতুন গ্ৰাহক প্ৰাপ্ত কৰাই নহয়, আমাৰ বিদ্যমান কাৰ্ডৰ অফাৰ বৃদ্ধি কৰাৰ বাবেও কাম কৰিছোঁ।” তেওঁ লগতে কয়-” কাৰ্ডৰ প্ৰস্তুত আৰু সহ-প্ৰস্তুত কাৰ্য আমাৰ এক ৰণনীতিৰ অংশ, যি গ্ৰাহকৰ ক্ৰয়ৰ আচৰণ ওপৰত আধাৰিত কৰি তৈয়াৰ কৰা হৈছে আৰু ব্যয় কৰা শ্ৰেণী আৰু ব্যয়ৰ প্ৰকাৰৰ দিশটো এই ক্ষেত্ৰত চোৱা হৈছে।
মাহসমূহত আমি আমাৰ ৰণনীতি প্ৰস্তুত আৰু তীক্ষ্ণ কৰাত ব্যয় কৰাটোৱে এতিয়া ফল প্ৰদান কৰিছে। উৎসৱৰ এই বতৰৰ সময়ছোৱাত আমাৰ গ্ৰাহকসকলক শ্ৰেণীৰ সৰ্বশ্ৰেষ্ঠতা প্ৰদান আৰু অভিজ্ঞতা দিবলৈ আমি সাজু হৈছো।

Leave A Reply

Your email address will not be published.