আগন্তুক বৰ্ষত দেশে উন্নয়ন কৰিব পৰা ৫টা কাৰক

0 306

এটা বছৰে মেলানি মগাৰ ক্ষণ সমাগত।কেনে আছিল ২০১৮ বৰ্ষটো, দেশৰ প্ৰত্যাহবান তথা চিন্তাৰ কাৰক কি কি আছিল সেই সকলো বিষয় সামৰি Nefocus. Com য়ে এক সমীক্ষা চলাইছিল।তাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এক  প্ৰতিবেদন আগবঢ়োৱা হ’ল।২০১৮ বৰ্ষত দেশৰ কোটি কোটি জনতাৰ প্ৰগতিৰ অন্তৰায় হিচাপে চিহ্নিত হ’ল ধৰ্মীয় ৰাজনীতি।ধৰ্মীয় মেৰু বিভাজনৰ পাকচক্ৰত পৰি বহুতে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ ৰ’ল।দ্বিতীয়তে জলপ্ৰদুষণ আৰু বায়ু প্ৰদুষণৰ প্ৰাৰম্ভিক সময় হিচাপে এইবৰ্ষটোৱে স্বীকৃতি পালে ।বিজ্ঞজনে জলপ্ৰদুষণ সম্পৰ্কত বিভিন্ন মন্তব্য আগবঢ়ালেও, কাৰ্য্যকৰী নহ’ল।ফলস্বৰূপে পানীৰ সমস্যা, নানা অচিন বেমাৰৰ সমস্যাই গা কৰি উঠিল ।বায়ুপ্ৰদুষণৰ ফলত গছ গছনিৰ আয়ুস কমি আহিল।তৃতীয়তে, প্লাষ্টিক আৱৰ্জনাই বৃহৎ সমস্যা হিচাপে গা কৰি উঠিছে ।প্লাষ্টিক আৱৰ্জনা ৰোধ কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই সিমান তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত নহ’ল।চতুৰ্থতে দেশ মাতৃৰ বাবে নিজৰ প্ৰাণ উৎসৰ্গা কৰিবলৈ সাজু থকা জোৱানসকলে আজিও প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হোৱা দেখা গৈছে ।অলপতে চ’চিয়েল মেডিয়াত ভাইৰেল প্ৰসংগই সৈনিক দুবিষহ জীৱনৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰে।পঞ্চমতে, নাৰী সুৰক্ষাৰ ক্ষেত্ৰত এই বৰ্ষটোতে Mee tooৱেস্থান লাভ কৰিলে।Mee tooদৰে কাণ্ডই সমগ্ৰ দেশৰ বাবে বেয়া খবৰ কঢ়িয়াই আনিলে ।এয়া আছিল সমসাময়িক শিতানত স্থান লাভ কৰা কিছু প্ৰসংগ ।এই প্ৰসংগসমূহে আগন্তুক বৰ্ষত অতিক্ৰম কৰিলে নিশ্চয়কৈ দেশৰ উন্নয়ন হ’ব।দেশৰ উন্নতিৰ পৰিচায়ক হ’ব ।

Leave A Reply

Your email address will not be published.