আমাক এজন পৰাগ কুমাৰ দাসক লাগে..

0 362

জাতি আৰু জাতীয়তাবোধৰ প্ৰতি থকা দায়ৱদ্ধতাই মানুহজনক সাংবাদিক কৰি তুলিছিল। যাৰ কলমত চৰকাৰৰো নিদ্ৰাহৰণ হৈছিল। সেইজনেই হ’ল অসমৰ প্ৰসিদ্ধ সাংবাদিক পৰাগ কুমাৰ দাস।
 
 
 
ষ্টক একচেঞ্জৰ মহাপ্ৰৱন্ধকৰ দৰে চাকৰি পৰিত্যাগ কৰি তেখেতে জাতিৰ বাবে সমাজৰ বাবে হাতত কলম তুলি লৈছিল। যাৰ বাবে এগৰাকী মানৱ অধিকাৰ কৰ্মী হিচাপেও ৰাজপথলৈ ওলাই আহিছিল। বিশিষ্ট সাংবাদিক মনোৰম গগৈৰ -ভাষাত পৰাগ কুমাৰ দাসে মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। বিশেষকৈ অসমত অনুসন্ধানমুলক ,তথ্য সমৃদ্ধ বিশ্লেষণাত্মক সাংবাদিকতাৰ সূচনা কৰিছিল। স্বাধীনতাৰ প্ৰস্তাৱ নামৰ গ্ৰন্থ খনৰ জৰিয়তে জনসাধাৰণৰ হৃত স্বাধীনতাক জাগ্ৰত কৰাৰ প্ৰয়াস কৰিছিল। যাৰ ফলস্বৰূপে পৰৱৰ্তী সময়ত এই গ্ৰন্থখনক নিষিদ্ধ ঘোষণা কৰিছিল।
 
 
আচলতে পৰাগ কুমাৰ দাসৰ চিন্তা দৰ্শনেই আছিল বহু দূৰদৰ্শিতাৰে পৰিপূৰ্ণ। তেখেতে তেতিয়াৰ দিনতেই অসমৰ কাৰণে নিৰ্দিষ্ট টাইম জ’নৰ পোষকতা কৰিছিল। প্ৰসংগক্ৰমে উল্লেখ্য যে আমি আন ৰাজ্যৰ তুলনাত প্ৰায় ডেৰ ঘণ্টা পিছপৰি আছো। যাৰ ফলস্বৰূপে আমাৰ সৃষ্টিশীল আৰু উৎপাদনশীল কামবিলাক যি গতিত আগবাঢ়িব লাগিছিল ,সেই গতিত আগবাঢ়িব পৰা নাই। এই মন্তব্য বিশিষ্ট সাংবাদিক মনোৰম গগৈৰ।
 
সাংবাদিক  গগৈয়ে কয় যে সূৰ্য উদয় হোৱা সময়তে গৰু হাল লৈ পথাৰলৈ যোৱাটো আমাৰ আজো ককাৰ দিনৰে পৰা চলি আহিছে। যাৰ বাবে কৃষি উৎপাদন ক্ষমতা অধিক হাৰত হোৱা দেখা গৈছিল। বৰ্তমান সমাজৰ সাংবাদিকতা বুলিলে মালিক নিয়ন্ত্ৰিত অথবা ৰাজনৈতিক নেতাৰ নিয়ন্ত্ৰিত সাংবাদিকতাক বুজা যায় । য’ত জনসাধাৰণৰ মৌলিক সুবিধা, অসুবিধা স্পষ্ট ভাৱে প্ৰতিফলিত হোৱা দেখা নাযায়। আনহাতে পৰাগ কুমাৰ দাসে যি সাংবাদিকতা কৰিছিল সেই সাংবাদিকতাত জনসাধাৰণৰ সমস্যাৰ এখন ছবি স্পষ্টভাৱে পৰিষ্ফুট হৈছিল।
 
 
 
 
১৯৯৬চনৰ ১৭মে’ৰ দিনা গুৱাহাটীৰ ৰাজগড়ৰ ৰাজপথত এই সাংবাদিক গৰাকীক গুলিয়াই হত্যা কৰে। পৰৱৰ্তী সময়ত চি বি আইয়ে আৰম্ভ কৰে যদিও কোনোধৰণৰ ফল নধৰিল।
 
 
জনসাধাৰণে এজন প্ৰকৃত সাংবাদিকক হেৰুৱালে। যিজন সাংবাদিকে আজিৰ সমাজ ব্যৱস্থাক দিক দৰ্শন দিব পাৰিলেহেতেন!আমাক আৰু এজন পৰাগ কুমাৰ দাসক লাগে,সমাজক সংগঠিত কৰিবলৈ,নতুন দিগন্তৰে বাট বুলাবলৈ..
 
সংগীতা শইকীয়া

Leave A Reply

Your email address will not be published.