আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলিৰে..

0 240

ভাৰতীয় সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ আজি ৬২ সংখ্যক মৃত্যু তিথি।সমগ্ৰ দেশতে তেখেতৰ মৃত্যু তিথিটো  পালন কৰাৰ বাতৰি আহিছে।১৮৯১ চনৰ ১৪ এপ্ৰিলত জন্ম গ্ৰহণ কৰা আম্বেদকাৰে দলিত, দুখীয়া শ্ৰেণীৰ বাবে মাত মাতিছিল।ৰক্ষণশীল সমাজ ব্যৱস্থাত থকা বৰ্ণ বৈষম্য, জাতিৰ অধিকাৰৰ হকে মাত মাতিছিল।সেয়ে সকলোৱে তেখেতক শ্ৰদ্ধা কৰিছিল ।জাতিগত প্ৰথা, গোডা মনোভাৱৰ পৰিপ্ৰেক্ষিতত আম্বেদকাৰ নিজেই বহু সময়ত বৈষম্যমূলক আচৰণৰ সন্মুখীন হৈছিল ।তেখেতৰ নীতি আদৰ্শক শ্ৰদ্ধা জনাই প্ৰতিবছৰে আম্বেদকাৰ জয়ন্তী উদযাপন কৰে।ঠাই বিশেষে বিভিন্ন বক্তৃতা অনুষ্ঠান, কুইজ, স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।এই জনা মহান ব্যক্তিৰ মৃত্যু তিথিত এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা সহস্ৰ শ্ৰদ্ধা নিবেদন কৰিছো।

Leave A Reply

Your email address will not be published.