কিছু ইতিবাচক তথ্যৰে-স্বচ্ছ ভাৰত অভিযানে জনসাধাৰণক বহু কথা শিকাইছিল

0 359

ক’ৰণা ভাইৰাছৰ আতংকৰ বাবে সমগ্ৰ বিশ্ব স্তব্ধ হৈ পৰিছে।বিশ্বজুৰি লক ডাউন অব্যাহত আছে ।চীনৰ লগতে আমেৰিকা, ইটালী, দক্ষিণ কোৰিয়াত লক ডাউন জাৰি কৰিছে।ভাৰততো ২১ দিনৰ বাবে লক ডাউন অব্যাহত আছে ।
 
 
লক ডাউনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজপথ জনশূন্য হৈ পৰিছে ।কল কাৰখানা, বজাৰ সমাৰ, অফিচ সকলো বন্ধ হৈ আছে।আনহাতে গাড়ী মটৰৰ চলাচল বন্ধ আছে ।
 
 
লক ডাউনৰ সময়চোৱাত কিছু ইতিবাচক দিশ দৃষ্টি গোচৰ হৈছে।সমগ্ৰ বিশ্ব জুৰি ভাৰতীয় সংস্কৃতিৰ আদৰ বাঢ়িছে।
 
 
গান্ধীজীৰ সপোনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাস্তৱায়িত কৰিছিল।স্বচ্ছ ভাৰত অভিযান নামেৰে এক মিচন আৰম্ভ কৰি সমগ্ৰ দেশবাসীক ২০১৪ চনৰ পৰা  সজাগ কৰি তুলিছিল।কিদৰে পৰিস্কাৰ পৰিচ্ছন্নতাৰে থাকিব লাগে, শৌচালয় ব্যৱহাৰ কৰিব লাগে সেই কথা সমগ্ৰ দেশবাসীক শিকাইছিল, সেয়া আজি সমগ্ৰ বিশ্বই অনুুুুকৰণ কৰিবলৈ  বাধ্য হৈ পৰিছে।
 
 
ঠিক সেইদৰে অসমীয়া সংস্কৃতিৰ কিছু পুৰণি প্ৰথা, আচাৰ নীতি সম্প্ৰতি কাৰ্য্যকৰী হৈ উঠিছে ।উদাহৰণ স্বৰূপে বাহিৰৰ পৰা আহিলে চাফ চিকুণ হোৱা, খোৱা বস্তু বিতৰণ কৰিলে মুখ বান্ধি লোৱা, নামঘৰত ভকতৰ মাজত বঢ়াৰ ক্ষেত্ৰত দূৰত্ব বজাই ৰখা ইত্যাদি ধৰণৰ কথাবোৰ গুৰুজনাই শিকাই গৈছে আৰু বৰ্তমান সময়ত এই সকলোবোৰ কম বেছি পৰিমাণে কাৰ্যকৰী হৈছে।
 
 
লক ডাউনে পৰিবেশ পাৰিপাৰ্শ্বিক ওপৰত পেলোৱা প্ৰভাৱৰ সম্পৰ্কত জানিব বিচৰাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগৰ মুৰব্বী হৰি প্ৰসাদ শৰ্মাই এনেদৰে কয়-গাড়ী মটৰৰ পৰা নিৰ্গত হোৱা ইন্ধন পৰিবেশৰ প্ৰতি হানিকাৰক।এই ক্ষেত্ৰত দেশৰ ৰাজধানী দিল্লীৰ কথা ক’ব পাৰি।দিল্লীত দেখা গৈছে বায়ুমণ্ডলত গেছীয় পদাৰ্থৰ পৰিমাণ কমি গৈছে।যাৰ বাবে পৰিবেশ সুস্থিৰ হৈ পৰিছে।এই কথাষাৰ অসমৰ ক্ষেত্ৰতো প্ৰযোজ্য।ক’ৰণা ভাইৰাছৰ সংক্ৰমণ কেতিয়ালৈ সুস্থিৰ হ’ব কোৱা সম্ভৱ নহয় যদিও ক’ব খোজো চিকিৎসালয়ৰ সমান্তৰালভাৱে পৰিবেশ বিজ্ঞান বিষয়ক বিশ্ববিদ্যালয় গঢ়ি তোলা উচিত।এই ক্ষেত্ৰত অৰণ্য মানৱ যাদৱ পায়েঙে অনুৰূপ মন্তব্য প্ৰদান কৰিছে।
 
 
অলপতে পৰিবেশ বিষয়ক এক গৱেষণাৰ তথ্য ফাদিল কৰিছে ইউনিভাৰচিটি অৱ কলোৰাডো বলডৰে।বিশ্ববিদ্যালয় খনৰ গৱেষণাৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি পৃথিৱীৰ দক্ষিণ প্ৰান্তৰ এন্টাৰ্কটিকাত সৃষ্ট অজ’ন স্তৰ পূৰ্বৰ তুলনাত সুস্থিৰ হৈ উঠিছে।ইয়াৰ মূলকাৰণ হ’ল বিশ্বত প্ৰদুষণৰ মাত্ৰা কমিছে।ইয়ে বুজাই যে প্ৰকৃতিয়ে নিজকে সুস্থ কৰাৰ কাৰ্য্যত ব্ৰতী আছে।
লক ডাউন মানি চলক, ক’ৰণা ভাইৰাছৰ লগতে পৰিবেশক সুস্থ কৰি ৰাখক ।
সংগীতা শইকীয়া

Leave A Reply

Your email address will not be published.