কোনে, কাক ভোটদান কৰিলে-পঞ্চায়ত নিৰ্বাচনত

0 295

আজি অনুষ্ঠিত হ’ল প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন ।১৬ জিলাৰ পঞ্চায়তত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।শিক্ষিত প্ৰাৰ্থীৰ সমান্তৰালভাৱে অশিক্ষিত প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।সেয়ে আমি অপেক্ষা কৰিছিলো, নিৰ্বাচনৰ দিনলৈ.. সাধাৰণ ভোটাৰৰ পৰা জানিব বিচাৰিছিলো কেনেধৰণৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিলে।এই সম্পৰ্কে যোৰহাট চিনামৰাৰ এগৰাকী ভোটাৰে এনেদৰে কয়-বৰ্তমান সময়ৰ পৰিস্থিতিক চাই কাকো ভোটদান কৰিবলৈ মন নাযায়।কিন্তু ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিলো।প্ৰাৰ্থীক দলক চাইহে ভোট দিলো।আন এগৰাকী কামৰূপৰ ছয়গাৱৰ ভোটাৰে এনেদৰে মন্তব্য কৰে-মই বিভিন্ন দলৰ প্ৰাৰ্থীক ভোটদান দিলো, দল চাই নহয়, প্ৰাৰ্থীক চাইহে ভোটদান কৰিলো।ইফালে মাজুলীৰ পৰা পোৱা খবৰ অনুসৰি মাজুলীত প্ৰায়বোৰ ভোটাৰ ভোটৰ অংকত বিক্ৰী হৈছে ।সাধাৰণ ভোটাৰে আবেগক প্ৰাধান্য দি ভোটদান কৰিলে।

Leave A Reply

Your email address will not be published.