জাতিৰ স্বাৰ্থত অসম্পাদিত – প্ৰসংগ – নাগৰিকত্ব সংশোধনী বিধেয়ক

0 266

জননীৰ সন্তান…জাগা
জাগা শক্তিমান
জাগা মাতৃপ্ৰাণ
জননীৰ সন্তান জাগা

আজি এনেদৰে এক দেশ প্ৰেমমূলক গানেৰে সমূহ অসমীয়াক জাগ্ৰত কৰা পৰিলক্ষিত হ’ল। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ প্ৰতিবাদ মহানগৰীৰৰ ৰাজপথত আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি , অসম গণ পৰিষদ আদিকে ধৰি ৭০ টা সংগঠনে ক’লা পতাকা উন্মোচন কৰি ধিক্কাৰ দিৱস পালন কৰে। গুৱাহাটী ক্লাৱৰ লক্ষীনাথ বেজবৰুৱা চ’কত অনুষ্ঠিত এক সমাবেশত বিশিষ্ট বুদ্ধিজীৱি ড০ হিৰেন গোহাঁই মন্তব্য কৰে যে, এটাৰ পিছত এটা বিপৰ্যয় আহি আমাক বিভ্ৰান্তি কৰিছে। আমি তাৰপৰা কিছু শিক্ষা লাভ কৰিছো। ভাৱক সাৰোগত কৰি নহয়, আবেগ লাগিব। আবেগ আমাৰ ৰক্ত প্ৰবাহৰ নিচিনা। আবেগ ন’হলে কোনো আন্দোলন নহয়, কিন্তু এই আবেগৰ ভিত্তিত কিছুমান নীতি আদৰ্শ হ’ব লাগিব। ধৰ্ম নিৰপেক্ষভাৱে সংবিধানৰ আধাৰত অসমৰ অস্বিত্ব ৰক্ষাৰ ক্ষেত্ৰত যুঁজত আমি ভাৰতবৰ্ষৰ সংবিধান ৰক্ষা কৰিবলৈ চেষ্টা কৰিছো। বংগ বিভাজনৰ ক্ষেত্ৰত গোপীনাথ বৰদলৈয়ে, অম্বিকাগিৰি ৰায়চৌধুৰী দৃঢ় আছিল।বৃট্ৰিছৰ দিনৰপৰা অসমৰ অস্তিত্বকলৈ হেতালি খেলি আহিছে। আনহাতে ধিক্কাৰ দিৱসত উপস্থিত থাকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈয়ে কয় যে সমগ্ৰ অসমীয়াই একত্ৰিত হৈ বিধেয়কৰ বিপক্ষে মাত মাতিব লাগে।কাৰণ বিধেয়কখন ধৰ্মৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে ।ধিক্কাৰ দিৱসতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিৰ সৈতে মিত্ৰতা ভংগৰ কথা ঘোষণা কৰে।সমাবেশত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বক্তব্য ৰাখে।ইফালে গুৱাহাটী বিশ্ববিদ্যালয়,এন চি পি, আছুৱে পৃথকে পৃথকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে কাৰ্য্যসূচী ৰূপায়ন কৰে।আনহাতে এই বিধেয়কখনক বিৰোধিতা কৰি ৮ জানুৱাৰীত অসম বন্ধ ঘোষণা কৰিছে ।

Leave A Reply

Your email address will not be published.