টাইম জ’ন সলনিয়ে মানসিকতাক আঘাত কৰিব নেকি

0 209

উত্তৰ পূবৰ বাবে পৃথক টাইম জ’ন হ’ব।উত্তৰ পূবৰ মানুহৰ কৰ্মদক্ষতা বাঢ়িব ।বিদ্যুৎ ৰাহি হ’ব।এই কথা সদৰী কৰি ৰাষ্ট্ৰীয় ভৌতিক প্ৰয়োগশালাৰ সঞ্চালক গৰাকীয়ে প্ৰকাশ কৰে যে ইয়াৰ জৰিয়তে উত্তৰ পূবত ২কিলোৱাট বিদ্যুৎ ৰাহি হ’ব।এই খবৰ প্ৰকাশ পোৱাৰ পাছতে সমগ্ৰ ৰাজ্যৰ বিজ্ঞ মহলত বিষয়টোৱে  চৰ্চা লাভ কৰিছে ।সঁচাকৈয়ে টাইম জ’ন চেঞ্জ দৰকাৰী নে ইয়াৰ দ্বাৰা কেনে প্ৰভাৱ পৰিব এই সম্পৰ্কে আমি কথাপাতিছিলো গুৱাহাটীৰ আই আই টি বিজ্ঞানী উৎপল বৰাৰ সৈতে, তেখেতে এই সম্পৰ্কে এনেদৰে জনায়-ইউৰোপ দেশবোৰৰ টাইম জ’ন সলনি হোৱাৰ সময়ত সেই দেশৰ লোকসকলে অসুবিধাৰ সন্মুখীন হৈছিল।আমেৰিকাত কেবাটাও টাইম জ’ন আছে ।আমেৰিকাৰ প্ৰায়বোৰ লোক শিক্ষিত।সেই হিচাপত উত্তৰপূবক আমেৰিকাৰ লগত তুলনা কৰিব নোৱাৰি ।কাৰণ উত্তৰ পূবৰ জৈৱ বৈচিত্ৰ্যতা, পৰম্পৰা,মানুহৰ মানসিক স্থিতি বৃহৎ তাৰতম্য ঘটিব।বিশেষকৈ ৰেল সেৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব।টাইম জ’ন সলনি কৰিলে পৰীক্ষণমূলকভাৱেহে চাব লাগে ।কাৰণ ইয়াৰ দ্বাৰা সুবিধা অথবা লাভতকৈ অসুবিধা হোৱা সম্ভৱনাহে প্ৰৱল।উল্লেখযোগ্য যে ইতিপূৰ্বে সময়ে সময়ে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে টাইম জ’ন সলনি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক জনাই আহিছিল।এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে,সেয়া সময়তহে জনা যাব।

Leave A Reply

Your email address will not be published.