থলুৱা পৰম্পৰা ৰক্ষা কৰি মাঘ বিহুৰ মেজিৰ জুঁইত জাতি ধ্বংসকাৰী বিধেয়ক খনক প্ৰতিজন অসমীয়াই দাহ কৰক।ৰাজ্যসভাতো বিষয়টোৱে গুৰুত্ব পাইছে।ৰাজনৈতিকভাৱে সকলোৱে মিলি সংগ্ৰাম কৰিব লাগিব ।এই মন্তব্য বিশিষ্ট সাংবাদিক মনজিত মহন্তৰ।আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদ মেলত নাগৰিকত্ব সংশোধনী বিৰোধী মঞ্চৰ বুদ্ধিজীৱি ডক্টৰ হীৰেন গোহাঁইয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত এই বিধেয়কখন পৰিপন্থী ।ইয়াৰ দ্বাৰা কেৱল অসমেই নহয় সমগ্ৰ দেশ ক্ষতিগ্ৰস্ত হ’ব।ইফালে ৰ’ৰ প্ৰতিবেদনটো বিধেয়কখনক সম্পৰ্কত ৰাষ্ট্ৰ যে ক্ষতি হ’ব সেয়া উল্লেখ আছে।আনহাতে উদয়াদিত্য ভৰালীয়ে স্বৈৰাতন্ত্ৰৰ শাসন চলা বুলি মন্তব্য কৰি কয় যে নিকা দেশপ্ৰেম উদ্বুদ্ধ হ’লেহে গণতন্ত্ৰ সুস্থভাৱে বৰ্তি থাকিব ।উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখন বিৰোধিতা কৰি বিৰোধী মঞ্চই আজি ৰাজ্যসভাৰ অধ্যক্ষলৈ বিশেষ পত্ৰ প্ৰেৰণ কৰিছে।বিৰোধী মঞ্চই উল্লেখ কৰা অনুসৰি জে পি চিতে কেৱল গুৱাহাটী, শ্বিলং, শিলচৰৰপৰা মন্তব্য লৈ দায়িত্ব সামৰিলে।প্ৰয়োজন সাপেক্ষে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম বুলি সংবাদ মেলত উল্লেখ কৰে।লগতে শিক্ষাৰ্থীসকলে শিক্ষাবৰ্ষ হেৰুৱালে তাৰ প্ৰতি দায়বদ্ধ পৰিস্থিতিৰ উদ্বেগকাৰীসকল হ’ব বুলি মন্তব্য কৰে।সংবাদমেলখনত হাইদৰ হুছেইন, শান্তনু বৰঠাকুৰ,শিক্ষাবিদ ডক্টৰ দীনেশ বৈশ্যৰ আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা