নেতাজীৰ জন্ম জয়ন্তী বিশেষ

1 274

স্বাধীনতা আন্দোলনৰ অন্যতম সেনানী নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজি জন্ম দিন। ১৮৯৭ চনৰ আজিৰ দিনটোতে তেখেতে কলিকতাত জন্মগ্ৰহণ কৰিছিল। দেশৰ প্ৰতি থকা দুৰ্বাৰ ভালপোৱাৰ তাগিদাতে প্ৰশাসনিক সেৱাৰ দৰে চাকৰি পৰিত্যাগ কৰি আজাদ হিন্দ ফৌজ গঠন কৰিছিল। ফৌজৰ মূলমন্ত্ৰ আছিল মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম।বুৰঞ্জীত উল্লেখ থকা অনুসৰি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অৰ্থাৎ ১৯৪২ চনত সেই সময়ৰ প্ৰতাপী, পৰাক্ৰমী হিটলাৰক লগ কৰিছিল। যি সময়ত হিটলাৰ নাম শুনিলেই সকলোৱে ভয় খাইছিল, সেইসময়ত নেতাজীয়ে হিটলাৰক লগ কৰিছিল। হিটলাৰক লগ কৰিবলৈ যাওতে ৩ জনকৈ ভুৱা হিটলাৰৰ মুখামুখি হ’ব লগা পৰিস্থিতিত পৰিছিল। পিছে নেতাজীয়ে কৌশলেৰে সকলো পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। উগ্ৰবাদী তথা বাস্তৱবাদী ধ্যান ধাৰণাৰে পৰিচালিত নেতাজী মৃত্যু আজিও ৰহস্য হৈ ৰ’ল। ১৯৪২চনৰ ১৮ আগষ্টত কাকতত প্ৰকাশিত খবৰ অনুসৰি এটা বিমান দুৰ্ঘটনাত নেতাজীৰ মৃত্যু হ’ল। একাংশ মতে নেতাজীয়ে ৰাছিয়াত আত্মগোপন কৰি আছে। অৱশ্যে এতিয়াও উচ্চ পৰ্য্যায়ৰ কমিটিয়ে নেতাজী মৃত্যু ৰহস্যক জানিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

1 Comment
  1. Ajoy Kr Kalita says

    Netajir bixoye bohut kom tothyo he pohriboloi pao.. bhal lagil

Leave A Reply

Your email address will not be published.