নেপালৰ পিছত পাকিস্থানৰ মানচিত্ৰত সোমাল ভাৰতৰ কিছু ঠাই

0 269

সীমা সমস্যা ভাৰতৰ বাবে নতুন সমস্যা নহয়।এইবাৰ নেপালৰ পিছত পাকিস্থানৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ’ল ভাৰতৰ জম্মু কাশ্মীৰ আৰু গুজৰাট।
 
 
 
 
অৱশ্যে নেপালৰ নতুন মানচিত্ৰক ৰাষ্ট্ৰসংঘই প্ৰত্যাহাৰ কৰিছে। আনহাতে পাকিস্থানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে আজি ঘোষণা কৰা ৰাজনৈতিক নতুন মানচিত্ৰই ভাৰতৰ অন্ত মহলত জোকাৰণিৰ সৃষ্টি কৰিছে। পাকিস্থানৰ নতুন ৰাজনৈতিক মানচিত্ৰৰ অন্তৰ্গত আছে জম্মু কাশ্মীৰ আৰু গুজৰাটৰ জুনাগঢ় মনবাদ আদি।
 
 
 
গুজৰাটৰ ইতিহাসত পোৱা তথ্য অনুসৰি জুনাগঢ়, মনবাদত এসময়ত মুছলিম শাসকে শাসন কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰা অৰ্থাৎ১৯৪৭ চনৰ পিছতো এই ঠাই দুখনৰ শাসকে ভাৰতৰ লগত চামিল হ’বলৈ মন কৰা নাছিল।
 
 
 
কিন্ত সময়ৰ গতিত সেই ঠাই দুখন মুছলমানৰ আবাসীৰ সংখ্যা নিচেই নগণ্য হৈ পৰিল।ফলত সেই সময়ত শাসকে পাকিস্থানৰ কৰাচী লৈ গৈছিল বুলি কথিত আছে।
 
 
নতুন মানচিত্ৰৰ সম্পৰ্কত বিদেশ মন্ত্ৰালয়ে মন্তব্য কৰে যে এয়া পাকিস্থানৰ সন্ত্ৰাষবাদ বিয়পোৱাৰ আৰু সীমা বৃদ্ধি কৰাৰ এক কৌশল।
 
 
 
 
আনহাতে কূটনৈতিক বিশেষজ্ঞ সকলে দাবী কৰা অনুসৰি সাগৰীয় ঠাই সমূহ য’ত প্ৰাকৃতিক গেছ আৰু তেলৰ সন্ধান পোৱা যায় তেনে ঠাই সমূহ দখল কৰা এয়া পাকিস্থানৰ কৌশল।
আগন্তুক দিনত এই সম্পৰ্কে ৰাষ্ট্ৰসংঘই কি স্থিতি গ্ৰহণ কৰিব সেয়া সময়ত লক্ষ্যণীয় হৈ ৰ’ব।

Leave A Reply

Your email address will not be published.