আজি বিশ্ব দিবাংগ দিৱস।দিবাংগ সকলৰ সুৰক্ষা, সামাজিক সন্মানৰ ওপৰত ভিত্তি কৰি সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়।১৯৯২চনৰ ৩ ডিচেম্বৰ তাৰিখৰ পৰা দিবাংগ দিৱস পালন হৈ আহিছে।দিবাংগ সকল সমাজৰে অংশ।কিন্তু আজিও তেওঁলোকে প্ৰকৃত অধিকাৰ,স্বাধীনতাৰ পৰা বঞ্চিত । সেয়েহে আজিও পৰিলক্ষিত হ’ল মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰ পৰা একাংশ দিবাংগই প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা ।প্ৰতিবছৰে বিভিন্ন থিমৰ আধাৰত দিবাংগ দিৱস পালন কৰা হয়।এই বছৰৰ থিম হ’ল দিবাংগ সকলৰ দক্ষতা আৰু সমতা প্ৰতিষ্ঠা কৰা।এই দিৱস উপলক্ষে ঠাই বিশেষে বিভিন্ন অনুষ্ঠান গীত মাত , ক্ৰীড়া অনুষ্ঠিত হয়।এই দিৱসে দিবাংগ সকলৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক অধিকাৰৰ সম্পৰ্কে সোঁৱৰাই দিয়ে ।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা