ভাৰত চীন প্ৰসংগই সকলোকে ভবাই তুলিছে

0 282

যুদ্ধ অথবা সংঘৰ্ষই কেতিয়াও শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰে। এই কথা ইতিহাসতো লিপিবদ্ধ আছে। বাৰে বাৰে ভাৰত শলঠেকত পৰিছে নেকি? সহিঞ্চুতা অথবা উদৰতাৰ বাবে দেশৰ ভবিষ্যত বিপদাপন্ন হ’ব নেকি? এই কথা সমূহ বৰ্তমান সময়ত প্ৰাসংগিক হৈ পৰিছে।
 
সীমা সমস্যা ভাৰত বাবে নতুন সমস্যা নহয়। কিয়নো বিভিন্ন দেশে নিজৰ অধিপত্য বিস্তাৰ কৰিবলৈ বহু সময়ত ভাৰতত মন মেলি আহিছে আৰু সেইদৰে যুদ্ধ সূত্ৰপাতও ঘটি আহিছে।
 
ভাৰত চীনৰ সম্পৰ্ক দিনে দিনে বেয়া হৈ আহিছে। চলিত বৰ্ষ জুন মাহৰ মাজভাগত গালোৱান উপত্যকাত ভাৰতীয় সৈনিকক আক্ৰমণ কৰা কাণ্ডই ভাৰতবাসীক ক্ষোভিত কৰি তুলিছে। যাৰ ফলস্বৰূপে ভাৰতত চীনা সামগ্ৰী বৰ্জন অথবা মোবাইল এপ বৰ্জন নিচিনা জাগৰণ চলি আছে।এই জগৰণৰ অংশীদাৰ হৈছে প্ৰায় প্ৰতিজন সচেতন ভাৰতীয়।
 
নক’লেও হ’ব যে চীনে ভাৰতক বিভিন্ন সময়ত প্ৰবঞ্চনা কৰি আহিছে । সীমান্তত সৈন্য মোতায়ন কৰি গতিবিধি বৃদ্ধি কৰিছে। কি লাডাখ,কি অৰুণাচলৰ সীমান্ত সকলোতে চীনাই সৈন্য অধিপত্য বিস্তাৰ কৰিছে ।কিন্তু এই ক্ষেত্ৰত সূত্ৰই মতপ্ৰকাশ কৰিবলৈ অপাৰগ হ’লেও শেহতীয়াকৈ যি ছবি ছ’চিয়েল মেডিয়া বা সংবাদ মাধ্যমত প্ৰকাশ পাইছে সেই প্রকাশিত ছবিয়ে প্ৰতিজন সচেতন ভাৰতীয়কে ভবাই তুলিছে।
দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংয়ে অলপতে মিলিত হোৱা এক  বৈঠকত এই কথা স্পষ্ট কৰে যে যুদ্ধ অথবা সংঘৰ্ষ হোৱাৰ বাবে চীন সম্পূৰ্ণ দায়ী হ’ব। দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰা বাবে প্ৰতিগৰাকী ভাৰতীয় সৈনিক প্ৰতিজ্ঞাবদ্ধ।উল্লেখযোগ্য যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বৈঠকত মিলিত হৈ ভাৰতৰ স্থিতি সম্পৰ্কে অৱগত কৰে।লগতে কয় যে সময় হ’লে ভাৰতীয় সৈন্যক সীমান্তৰ বাবে সস্তম কৰি তোলা হ’ব।
 
ইয়াৰ মাজতে আজি প্রকাশিত এক খবৰে ভাৰতীয় সংবাদ মহলত জোকাৰণি সৃষ্টি কৰিছে ।কিয়নো অৰুণাচলে আপাৰ সোঁৱনশিৰি জিলাৰ পৰা ৫ জন অৰুণাচলী যুৱকক পিপুল লিবাৰেচন আৰ্মীয়ে অপহৰণ কৰিছে বুলি প্ৰকাশিত হৈছে । অৰুণাচলৰ কংগ্ৰেছৰ বিধায়ক নিনং এৰিঙে কৰা টুইট অনুসৰি চীনৰ পিপুল লিবাৰেচন আৰ্মীয়ে ৫ জন ভাৰতীয় লোকক অপহৰণ কৰিছে। তাৰ মাজতে এজন নিজৰ ভায়েক আছে বুলি তেখেতে মন্তব্য কৰিছে।উল্লেখযোগ্য যে এই বিষয়টো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমাৰ খান্দুক অৱগত কৰিছে।এই সম্পৰ্কে পৰৱৰ্তী সময়ত কি স্থিতি গ্ৰহণ কৰে লক্ষণীয় হৈ ৰ’ব।

Leave A Reply

Your email address will not be published.