মাতৃ দিৱসৰ কিছু প্ৰাসংগিক কথাৰে

2 420

এটা বিশেষ দিনত মাতৃৰ সৈতে এখন ছেলফি তুলি চ’চিয়েল মেডিয়াত আপলোড দিলেই মাতৃৰ প্ৰতি থকা মৰমক বুজায় নেকি? অথবা মাতৃ দিৱসৰ প্ৰাসংগিকতা ইমানতে সীমাৱদ্ধ নেকি? আজিকালি একাংশ প্ৰজন্মই চ’চিয়েল মেডিয়াত শ্ব’বাজি কৰাতেই ব্যস্ত হৈ পৰে নেকি?এই সকলোবোৰৰ আধাৰত আজি প্ৰস্তুত কৰা হ’ল আজি এই প্ৰতিবেদন।
যিদিনাৰ পৰা একক পৰিয়ালৰ মানসিকতা সমাজত দকৈ শিপাই উঠিল ,সেইদিনাৰ পৰাই বৃদ্ধাশ্ৰমৰ আৰম্ভণি হ’ল। কথাষাৰ যদি দকৈ গমি চাই এই কথা স্পষ্টৰূপে দৃষ্টিগোচৰ হ’ব যে আজিৰ পৰা ৩০বছৰৰ আগতে বৃদ্ধাশ্ৰমৰ ধাৰণাটো অসমত গা কৰি উঠা নাছিল।ঠিকতেনেকৈ একক পৰিয়ালৰ সংখ্যা কমি আহিল।
আজি মাতৃ দিৱস। সমগ্ৰ দেশতে এই দিৱস উদযাপন হৈছে। এটা সন্তানক জন্ম দিয়াৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰালৈকে এগৰাকী মাতৃৰ ভূমিকা অনবদ্য। সেয়া লাগিলে মাতৃ হিচাপেই হওক ভগ্নী কিম্বা পত্নী হিচাপেই হওক।আচলতে আমি সকলো নাৰীকেই সন্মান কৰিব লাগে।নাৰী,মাতৃৰ শ্ৰম আৰু ত্যাগক মূল্য দিব লাগে। 
এন ই ফ’কাচ ডট কমৰ পৰা চলোৱা এক সমীক্ষাত এই  কথা পোহৰলৈ আহিছে। মাতৃ দিৱসৰ এই পবিত্ৰ দিনত আমি কথা পাতিছিলো কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত দুগৰাকী ছাত্ৰ ক্ৰমে হিৰকজ্যোতি বৰা আৰু সুদৰ্শন কৌশিক শৰ্মাৰ সৈতে। দুয়োগৰাকী ছাত্ৰই এই সম্পৰ্কত এনেদৰে মন্তব্য কৰে – পৰিৱেশ, মানসিকতা, লালসা আদিকে ধৰি বিভিন্ন কাৰকৰ প্ৰভাৱত বৃদ্ধা গৰাকীক জীৱনৰ শেষ সময়ছোৱাৰ আগতে বৃদ্ধাশ্ৰমত থৈ আহে।
আনহাতে চ’চিয়েল মিডিয়াৰ জৰিয়তে এগৰাকী মাতৃৰ সৈতে সন্তানৰ কেনেধৰণৰ সম্পৰ্ক সেয়া প্ৰকাশ কৰিবলৈ ফটো আপলোড দিয়ে বুলি মন্তব্য প্ৰদান কৰে। লগতে কয় একাংশই চ’চিয়েল মেডিয়াক ইতিবাচক ধৰণে গ্ৰহণ কৰি লয়।
 
ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে এনেদৰে কয় – বৰ্তমান যান্ত্ৰিকতাৰ যুগত মানুহবোৰ ব্যস্ত হৈ পৰিছে। যাৰ কাৰণে নিজৰ বৃদ্ধ পিতৃ মাতৃকো আওকাণ কৰে।যাৰ ফলত তেওঁলোকৰ শেষ আশ্ৰয় হৈ পৰিছে বৃদ্ধাশ্ৰমসমূহ। ব্যস্ততাপূৰ্ণ জীৱনৰ কাৰণে একাংশ সন্তানে পিতৃ মাতৃৰ খবৰ ল’বলৈ আহৰি পোৱা নাই। সেয়েহে বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা আহি পৰিছে।
 
কেৱল মাতৃ দিৱসতেই নহয় সকলো দিৱসতেই নাৰী, আই, বা মাতৃ গৰাকীক সন্মান কৰক। জীয়াই থকা দিনকেইটাত অলপমান মুখত হাহি বিৰিঙাক।এই পবিত্ৰ দিনত প্ৰতিগৰাকী মাতৃক জনালো অলেখ শুভকামনা।

2 Comments
  1. নিৰ্মল says

    খুব সুন্দৰ অনুভৱ

  2. Dipak Tamuly says

    Ajir dinat katha bot ekebare sudha Jen lagise.

Leave A Reply

Your email address will not be published.