সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুক তদন্ত কৰিব চি বি আইয়ে

0 174

দিনে দিনে মোৰ সলাইছে সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্যই।যোৱা ১৪ জুনত ৰহস্য জনক ভাৱে মৃত্যু মুখত পৰিছিল জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত।সুশান্তৰ মৃত্যুৱে বলিউডত তোলপাৰ লাগিছিল।ইয়াৰ পিছতেই আৰম্ভ হৈছিল অনুৰাগীসকলৰ ভাৰ্চুৱেলি প্ৰতিবাদ।
 
 
 
প্ৰথম অৱস্থাত এই ঘটনাক আত্মহত্যা বুলি মুম্বাইৰ আৰক্ষীয়ে জাহিৰ কৰিবৰ চেষ্টা কৰিছিল যদিও সুশান্ত সিং ৰাজপুতৰ অনুৰাগী, পৰিয়াল আৰু বিহাৰ আৰক্ষী তৎপৰতাত এই ঘটনাই নতুন ৰূপ পালে।ইয়াৰ সমান্তৰ ভাৱে দেশৰ আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো উন্মোচিত হ’ল অভিনেতা গৰাকী মৃত্যুৰ সম্পৰ্কত নানা তথ্য।
 
 
 
এই ঘটনাক কেন্দ্ৰ কৰিয়েই মুম্বাই আৰক্ষী আৰু বিহাৰ আৰক্ষী মাজত সংঘাত সৃষ্টি হৈছে।মুম্বাইৰ আৰক্ষীয়ে বিহাৰ আৰক্ষীক তদন্তত বাধা দিয়াৰ অভিযোগ উঠিছে।এই মন্তব্য একাংশ অনুৰাগীৰ।
 
 
 
 
এই ঘটনাক তদন্ত কৰিবলৈ বিহাৰ চৰকাৰে চুপ্ৰীম ক’ৰ্টত চি বি আইৰ অনুসন্ধানৰ বাবে আবেদন দাখিল কৰে। অৱশেষত চি বি আই দ্বাৰা তদন্ত হ’ব বুলি জানিব পৰা গৈছে।অৱশ্যে এই শুনানি বিয়লি ভাগতেহে অ’ফিচিয়েলি ঘোষণা কৰিব।
 
 
এই সম্পৰ্কত সুশান্ত সিং পৰিয়ালৰ অধিবক্তা বিকাশ সিং য়ে কয় যে মুম্বাইৰ আৰক্ষীয়ে বিহাৰ আৰক্ষীক সহযোগিতা আগবঢ়োৱা উচিত। এই খবৰে সাময়িক ভাৱে হ’লেও অভিনেতা গৰাকী অনুৰাগী সকলক আসস্ত কৰিছে।

Leave A Reply

Your email address will not be published.