অচিৰেই কল্যাণময়ীয়ে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰিব

0 274

ক’ভিদ১৯ নামৰ সংক্ৰমিত ৰোগবিধে বিগত প্ৰায় দুমাহৰো অধিক মাহ ধৰি বিশ্বৰ বহু দেশত মহামাৰীৰ ৰূপ ধৰাৰ পিছত ৭ মাৰ্চৰ পৰা ভাৰততো  ভয়াৱহ ৰূপ ধাৰণ কৰিছে।
 
 
 
আনহাতে বিশেষজ্ঞ চিকিৎসকসকলে পাৰস্পৰিক ব্যৱধান বা সামাজিক দুৰত্ব, চাফ চিকুণতা আৰু মুখত মাস্ক পৰিধান কৰিলে ক’ৰণা ভাইৰাছৰ পৰা বহুখিনি ৰক্ষা পৰিব পাৰি বুলি সদৰী কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত দুখীয়া লোকে যাতে মুখত মাস্ক পৰিধান কৰিব পাৰে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে বিনামূলীয়াকৈ মাস্ক যোগানৰ ব্যৱস্থা  কৰিছে।বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডলৰ মহিলা কল্যাণ সংস্থা কল্যাণময়ীৰ উদ্যোগত বৰঝাৰত  ১০ হেজাৰ উন্নতমানৰ মাস্ক প্ৰস্তুত হৈছে।
 
 
 
এ এ আইত উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে মঙলবাৰে জানিবলৈ দিয়া মতে এই পৰ্যন্ত কল্যাণময়ীৰ উদ্যোগত প্ৰায় ৩হেজাৰ মাস্ক প্ৰস্তুত কৰা হৈছে। প্ৰথম পৰ্যায়ত এই মাস্কখিনি বৰঝাৰ বিমান বন্দৰকে ধৰি কাষৰীয়া অঞ্চলৰে টেক্সি চালক, অট’ৰিক্সা চালক, ই ৰিক্সা চালক, চাফাই কৰ্মী, ক্ষুদ্ৰ ব্যৱসায়ী, দিন হাজিৰা কৰা লোক, শ্ৰমিককে ধৰি দুখীয়া লোক, দৰ্শনাৰ্থীকো বিনামুলীয়াকৈ বিতৰণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.