অণুগল্প প্ৰতিযোগিতা অনুষ্ঠিত

0 267

সামাজিক মাধ্যম ফেচবুকৰ অন‍্যতম জনপ্ৰিয় গোট অণুগল্পৰ পৃথিৱীয়ে অলপতে উঠি অহা প্ৰজন্মৰ মাজত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যেৰে শংকৰদেৱৰ সম্পৰ্কত এলানি অণুগল্প প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এই প্ৰতিযোগিতাখন  পৰিচালনা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষাতত্ব বিভাগৰ সহকাৰী অধ‍্যাপিকা ড°সেউজী শৰ্মা,ড০ নয়নমণি মেধি আৰু বিকাশজ্যোতি বৰুৱাই। ১৪৮ জন প্ৰতিযোগীয়ে ভাগ লোৱা প্ৰতিযোগিতাখনত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে প্ৰাচুৰ্য ষড়াণন,দীনেশ কলিতা আৰু স্বপ্না দত্ত ভৰালীয়ে।ইয়াৰ উপৰিও বিচাৰকৰ বিশেষ সমাদৃত গল্পকাৰ কেইজন হ’ল কবিতা শ‌ইকীয়া,অনুসুয়া নাথ গগৈ,মানসপ্ৰতীম নাথ,নেহা গাৰ্গ,অনুপ শ‌ইকীয়া।
 

Leave A Reply

Your email address will not be published.