অনাথ আশ্ৰমৰ শিশুক বিনামূলীয়াকৈ কিতাপ বিলালে

0 268

যিসময়ত নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ ক্ৰয় আৰু অধ্যয়নৰ প্ৰতি ধাউতি  ক্ৰমান্বয়ে হ্ৰাস পাই অহা বুলি সততে আলোচিত হৈ আহিছে, তেনেসময়তে বালিপৰা অঞ্চলৰ অগ্ৰণী গুণগত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট গৱেষক ড০ ৰঞ্জন কলিতাই গ্ৰন্থৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ ধাউতি বৃদ্ধিকৰণ বাবে গ্ৰহণ কৰিছে অভিনৱ পদক্ষেপ।
উল্লেখযোগ্য যে, ৰঙাপৰা মহাবিদ্যালয়ত ৬মাৰ্চৰপৰা আৰম্ভ হোৱা মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ থকা গ্ৰন্থমেলাৰ  অৰুণোদয় গ্ৰন্থৰ পৃথিৱীৰ নামৰ  ষ্টলৰপৰা আজি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ কলিতাৰ বলিষ্ঠ পৃষ্ঠপোষকতাত আৰু মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাসকলৰ সহযোগিতাত অভিযান, সাধুকথা,সাধাৰণ জ্ঞান ইত্যাদি ভিন্ন স্বাদৰ শিশু উপযোগী গ্ৰন্থ ক্ৰয় কৰি চাৰিদুৱাৰৰ চটাই গাৰোগাঁওস্থিত অনাথ আশ্ৰমৰ শিশুসকলক আমন্ত্ৰণ কৰি গ্ৰন্থমেলাস্থলীতে সমূহীয়াকৈ বিতৰণ কৰি মহানু্ৱতাৰ পৰিচয় দাঙি ধৰে ।
এই সন্দৰ্ভত ড০ কলিতাই কয় যে গ্ৰন্থ সভ্যতাৰ বাৰ্তাবাহক। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ উত্তৰণত নৱপ্ৰজন্মৰ মাজত ক্ৰমান্বয়ে গ্ৰন্থ অধ্যয়ন, ক্ৰয়ৰ অভ্যাসক কেন্দ্ৰ কৰি তেখেত শংকিত । তেখেতে লগত কয় যে গ্ৰন্থ অধ্যয়নৰ প্ৰতি শিশুসকলৰ ধাউতি সৰুৰেপৰা বৃদ্ধি কৰাৰ পদক্ষেপ গ্ৰহণ কৰাতো খুবেই জৰুৰী । এইক্ষেত্ৰত প্ৰতিজন অভিভাৱক, জ্যেষ্ঠজনৰ দায়িত্ব আছে । আমি গ্ৰন্থ ক্ৰয় কৰি অধ্যয়ন কৰি জ্ঞানৰ ভাণ্ডাৰ টনকিয়াল কৰিব পাৰো । তাৰোপৰি, প্ৰতিটো শুভ অনুষ্ঠানত আমি গ্ৰন্থ উপহাৰ দিয়াটোক পৰম্পৰালৈ ৰূপান্তৰিত কৰিব পাৰো।
অনুষ্ঠানটোত ড০ কলিতাৰ সহধৰ্মিণী পিকুমণী কলিতা , মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ অধ্যাপক ৰণেন্দ্ৰ মোহন ডেকা, অসমীয়া বিভাগৰ প্ৰৱক্তা অশ্বিনী কুমাৰ ডেকাৰ লগতে ভালেমান অধ্যাপক অধ্যাপিকা, অনাথ আশ্ৰমখনৰ তত্বাৱধায়ক চাৰ্চিল মাৰাক, অৰুণোদয় গ্ৰন্থৰ পৃথিৱীৰ মেৰু মিথু কটকী, ৰাহুল দাস, মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে ।
খবৰ যুগুতালে বালিপাৰাৰ পৰা প্ৰাঞ্জল প্ৰতিম বৰাই।

Leave A Reply

Your email address will not be published.