অব্যৱহৃত হৈ থকা নৱগ্ৰহৰ গেছ চালিত শ্মশান পৰিদৰ্শন GMC ৰ নৱনিযুক্ত আয়ুক্ত দেৱাশিস শৰ্মাৰ-গেছ চালিত শ্মশান পুনৰ কাৰ্যক্ষম কৰাৰ পদক্ষেপ

0 292

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১২ চনত মুকলি কৰা নৱগ্ৰহৰ গেছ চালিত শ্মশান গৃহ আজি কেইবছৰ ধৰি অব্যৱহৃত হৈ পৰি আছে। অসম চৰকাৰৰ পুঁজিৰে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই নিৰ্মাণ কৰা গেছ চালিত শ্মশানখন ইমানদিনে মেৰামতিৰ নোহোৱাত ৰাজহুৱা ধনৰ অপচয় হোৱাৰ লগতে গুৱাহাটীবাসীয়েও এই শ্মশানখন ব্যৱহাৰ কৰিব পৰা নাছিল। এই গেছ চালিত শ্মশানখন পুনৰ কাৰ্যক্ষম কৰাৰ পদক্ষেপ এতিয়া গ্ৰহণ কৰা হৈছে৷ গুৱাহাটী পৌৰ নিগমৰ নৱনিযুক্ত আয়ুক্ত দেৱাশিস শৰ্মাই আজি গেছচালিত শ্মশানখনৰ যন্ত্ৰপাতিৰ অৱস্থাৰ বুজ লয়। তেওঁ কয়, গুৱাহাটীৰ দৰে এখন মহানগৰৰ বাবে গেছচালিত শ্মশানৰ প্ৰয়োজন আছে। গেছচালিত শ্মশানৰ সা-সৰঞ্জামৰ যাৱতীয় মেৰামতি কৰি ইয়াক কাৰ্যক্ষম কৰি তোলা হ’ব। গেছ চালিত শ্মশানখন পুনৰ কাৰ্যক্ষম কৰি পৰিচালনা কৰাৰ ক্ষেত্ৰত যাৱতীয় সহায় সহযোগ কৰাত আগ্ৰহ দেখুওৱাইছে গুৱাহাটী ৰ’টাৰী ক্লাৱে। ৰটাৰী ক্লাৱৰ একাংশ বিষয়ববীয়াইও আজি জি এম চিৰ নৱনিযুক্ত আয়ুক্ত গৰাকীক শ্মশানথলী পৰিদৰ্শনৰ সময়ত সংগ দিয়ে।

Leave A Reply

Your email address will not be published.