অভিনেতা তপন দাসলৈ জগন্নাথ ঠাকুৰ সাহিত্য সন্মান

0 204

চলিত বর্ষৰ পৰা আৰম্ভ হোৱা ‘জগন্নাথ ঠাকুৰ সাহিত্য সন্মান’ প্রথমবাৰৰ বাবে অসমীয়া গল্প সাহিত্যৰ ক্ষেত্রখনলৈ চাৰি দশকধৰি উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিশিষ্ট গল্পকাৰ, অভিনেতা তপন দাসক প্রদান কৰা হ’ব৷ আজি এক প্রেছ বিবৃতিৰ জৰিয়তে এই কথা ঘোষণা কৰিছে জগন্নাথ ঠাকুৰ স্মৃতি ন্যাসে৷ বিবৃতিটোত ন্যাসে প্রকাশ কৰা অনুসৰি অহা ৮ নৱেম্বৰত গুৱাহাটীত এই বঁটা প্রদান কৰা হ’ব৷ এই বঁটাত আছে এটা স্মাৰক, এখন প্রশস্তি পত্র আৰু নগদ পঞ্চাশ হাজাৰ টকা৷উল্লেখযোগ্য যে অসম অসামৰিক সেৱাৰ এগৰাকী দক্ষ বিষয়া হিচাপে সততাৰে কার্যনির্বাহ কৰা, এগৰাকী নিষ্ঠাৱান পঢ়ুৱৈ জগন্নাথ ঠাকুৰৰ নামত এই বঁটা দিয়া হ’ব৷ ২০২১ বর্ষৰ লগতে বিগত দুটা বছৰৰ গল্প সংকলনৰ বাবে নাইবা গল্পৰ ক্ষেত্রলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে এই বঁটা প্রদান কৰাৰ পৰিকল্পনা জগন্নাথ ঠাকুৰ স্মৃতি ন্যাসৰ৷

Leave A Reply

Your email address will not be published.