অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু হত্যা নে আত্মহত্যা? চি বি আইৰ তদন্ত হ’বনে?

0 303

সুশান্ত সিং ৰাজপুত। নামটো যিমানেই শুনিবলৈ ধুনীয়া তেখেতৰ ব্যক্তিত্ব আৰু প্ৰতিভাও সিমানেই অগ্ৰণীয় আছিল। যোৱা ১৪জুনত এইগৰাকী অভিনেতাই এই পৃথিৱীৰ পৰা চিৰবিদায় ল’লে। কিন্তু কি পৰিস্থিতিত পৰি অভিনেতা গৰাকীয়ে বিদায় মাগিলে সেয়া আজিও ৰহস্যৰ আৱৰ্ততেই থাকিল।
 
 
 
 
সুশান্ত সিং ৰাজপুতৰ মৃত্যুক মুম্বাই আৰক্ষীয়ে আত্মহত্যা বুলি প্ৰকাশ কৰিছে। কিন্তু বিশেষজ্ঞ আৰু অনুৰাগী সকলে দাবী কৰা মতে এয়া আছিল এক পৰিকল্পিত হত্যাকাণ্ড। কিয়নো সুশান্তৰ শৰীৰত নাছিল আত্মহত্যাৰ কোনো লক্ষণ। আপাতঃ দৃষ্টিত যদি লক্ষ্য কৰা যায়  আত্মহত্যা যেন লাগিলেও এয়া আছিল এক পূৰ্বপৰিকল্পিত হত্যাকাণ্ড।
 
 
অনুৰাগীয়ে কি দৃষ্টিকোণৰ পৰা কৈছিল এনেধৰণৰ কথা?
মৃত সুশান্তৰ শৰীৰৰ বিভিন্ন অংশত দাগ দেখা পোৱা গৈছিল। সুশান্তৰ ওঠত দেখা পোৱা গৈছিল এটা বিশেষ ৰং। আনহাতে বাওঁহাতৰ চকুৰ তলৰ অংশত ক’লা দাগ প্ৰত্যক্ষ কৰা গৈছিল। অনুৰাগী সকলে দাবী কৰে যে সুশান্তক জুচৰ লগত নিচাসক্ত দ্ৰব্য মিহলাই হত্যা কৰা হ’ল। আটাইতকৈ ডাঙৰ কথা হ’ল এয়ে যে সুশান্তই আত্মহত্যাৰ বাবে ব্যৱহাৰ কৰা ৰছী আৰু উচ্চতাক লৈও বহুতৰ বহু প্ৰশ্ন অৱতাৰণা হৈছে।
 
 
 
 
বহুত গ’ল আৰু বহুত আহিল, কিন্তু সুশান্ত বিশেষ হৈ ৰ’ল….
সুশান্ত সিং ৰাজপুতে কম দিনৰ ভিতৰতে বলীউদত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। সেয়েহে হয়তো একাংশই মানসিক দ্বন্দত ভুগি সুশান্তক একাষৰীয়া কৰিছিল। বিভিন্ন ব্যক্তিগত সমস্যাৰ মাজতো সুশান্তই নিজকে গঢ় দিবলৈ ক্ৰুটি কৰা নাছিল। যাৰ বাবে কৰণ জোহৰ, চলমান খান আদিয়ে সুশান্তক এৰি চলিছিল।
সুশান্তৰ মৃত্যুৰ লগত প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ নাম সাঙুৰ খাই পৰিছিল। কিয়নো পৰিচালক মহেশ ভট্ট আৰু ৰিয়া চক্ৰৱৰ্তীৰ মাজত এক সম্পৰ্ক আছিল। আনহাতে সুশান্তৰ বন্ধু সিদ্ধাৰ্থৰ কথা বতৰা, চাল চলনে সমগ্ৰ বিষয়টোক আৰু অধিক ৰহস্যঘন কৰি তুলিছে।
 
 
সুশান্তৰ মৃত্যুৰ পিছত কি হৈছিল?
সুশান্তৰ মৃত্যুৰ পিছত তেখেতৰ ৰান্ধনী জনৰ ভাষ্য সলনি হৈছিল। তেখেতে প্ৰথম অৱস্থাত জুচ খাব দিয়া বুলি মুম্বাইৰ আৰক্ষীক ব্যক্ত কৰিছিল যদিও পৰৱৰ্তী সময়ত তেখেতৰ ভাষ্য সলনি হৈছিল। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছিল দুটা বিশেষ প্ৰসংগ। মুম্বাই আৰক্ষীৰ মতে সুশান্তই ব্যৱহাৰ কৰিছিল ৫০খনতকৈ অধিক চিমকাৰ্ড। মৃত্যুৰ দিনা বন্ধ কৰি থোৱা আছিল চি চি টিভি কেমেৰাৰ সংযোগ। ইয়াৰ উপৰিও মৃত্যুৰ সময়ত ৰূমৰ দৰ্জা ভিতৰৰ পৰা বন্ধ আছে বুলি আৰক্ষীয়ে অনুসন্ধানত পোহৰলৈ আনিছে।
 
 
অনুৰাগী সকলৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। সুশান্তক হত্যা কৰিবলৈ নিয়োগ কৰা হৈছিল প্ৰফেশ্যনেল কিলাৰ। সেই গেংটোত আছিল প্ৰায় তিনিৰ পৰা চাৰিজন সদস্য। তেওঁলোকে হত্যাৰ বাবে এক বিশেষ প্ৰকাৰৰ বেল্ট ব্যৱহাৰ কৰিছিল। আনহাতে পোষ্টম’ৰ্টেমলৈ নিয়াৰ সময়তো সুশান্তৰ হাতখন লৰি আছিল। কিন্তু মুম্বাই আৰক্ষীয়ে এই কথা গুৰুত্ব সহকাৰে লোৱা নাছিল। এই মন্তব্য বহুকেইগৰাকী অনুৰাগীৰ।
 
 
 
বহুতে চ’চিয়েল মিডিয়াত সুশান্তক উঠাই লৈ যোৱা এম্বুলেন্সক সন্দেহৰ আৱৰ্তত ৰাখিছে। কিয়নো এম্বুলেন্সত মৃতদেহ সলনি হোৱা বুলি অনুৰাগী সকলে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ইতিমধ্যে চ’চিয়েল মিডিয়াত সুশান্তৰ ন্যায়ৰ বাবে জনমত গঢ়ি উঠিছে। চি বি আইক তদন্ত কৰাৰ বাবে আহ্বান জনাইছে।
 
 
শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই কথা প্ৰকাশ পাইছে যে সুশান্তৰ মৃত্যু আত্মহত্যা আছিল। আৰু তাত কোনো চি বি আইৰ তদন্ত কৰা নহয়। এই কথা প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে। অনিল দেশমুখৰ মতে চি বি আইৰ তদন্তৰ কোনো প্ৰয়োজন নাই। আৰক্ষীয়ে সময়ত সকলো ৰাজহুৱা কৰিব।
 
এনে খবৰে সুশান্তৰ অনুৰাগী সকলক ব্যথিত কৰি তুলিছে।বহুতে নেপোটিজমকে জগৰীয়া কৰিছে যদিও ৰিয়া, সিদ্ধাৰ্থ আৰু চলমানক সন্দেহৰ আওতাত আনিছে।
 
 
 
ষ্টাৰ প্লাছৰ ধাৰাবাহিকৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা সুশান্তৰ জীৱনৰ অন্তিমখন ছবি আছিল দিল বেচাৰা। ইয়াৰ পিছতেই সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়েও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ চি বি আইৰ তদন্তৰ বাবে দাবী জনাইছে। এইক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হৈ উঠিব।
 

Leave A Reply

Your email address will not be published.