অভিভাৱক সচিবৰ শিৱসাগৰ জিলা ভ্ৰমণ-উপায়ুক্তৰ সৈতে জল জীৱন মিছন প্ৰমুখ্যে বিভিন্ন আঁচনিৰ পৰ্যালোচনা

0 212

শিক্ষা বিভাগৰ প্ৰধান সচিব তথা শিৱসাগৰ জিলাৰ অভিভাৱক সচিব ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বি কল্যাণ চক্ৰৱৰ্তীয়ে কালি শিৱসাগৰ জিলাত উপস্থিত হৈ স্থানীয় আৱৰ্ত ভৱনত উপায়ুক্ত বিষ্ণু কমল বৰাৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অভিভাৱক সচিব গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ফ্লেগশ্বিপ কাৰ্যসূচী “জল জীৱন মিছন”ৰ অধীনত চলি থকা বিশুদ্ধ খোৱাপানীৰ গৃহ সংযোগ আঁচনি সমূহৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে বুজ লয়। তেওঁ আঁচনিসমূহ ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। অভিভাৱক সচিব গৰাকীয়ে উপায়ুক্তৰ সৈতে পি এম কিষান আচঁনিৰ বিষয়েও আলোচনা কৰে। তেওঁ জিলাখনৰ অসম-নাগালেণ্ড সীমান্তত স্থাপিত সীমান্ত আৰক্ষী চকীসমূহৰ লগতে সীমান্তবৰ্তী অঞ্চলৰ অভাৱ আৰু সমস্যাৰ বিষয়েও আলোচনা কৰে। তেওঁ জিলাখনত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও বুজ লয়।
উপায়ুক্ত বিষ্ণু কমল বৰাই অভিভাৱক সচিব গৰাকীক জিলাখনৰ সাম্প্ৰতিক ক’ভিড পৰিস্থিতি আৰু প্ৰশাসনে গ্রহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে অৱগত কৰে। উপায়ুক্ত গৰাকীয়ে বৰ্তমানে জিলাখনত ক’ভিড পৰিস্থিতি বহুখিনি উন্নত হোৱা বুলি জনায়।
ইয়াৰ পিছত অভিভাৱক সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে আৱৰ্ত ভৱনতে জিলাখনৰ মহাবিদ্যালয় সমুখৰ অধ্যক্ষ সকলৰ সৈতে এখন সভাত মিলিত হয়। সভাত অভিভাৱক সচিব গৰাকীয়ে মহাবিদ্যালয় সমূহত নাম ভৰ্তি কৰোৱাৰ ক্ষেত্ৰত আসনৰ সংখ্যা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ে যাতে শিক্ষাৰ্থী সকলে উচ্চ শিক্ষা লাভৰ পৰা বিৰত থাকিব লগীয়া নহয়। এই ক্ষেত্ৰত প্ৰয়োজনীয় আন্তঃগাঁথনিৰ উন্নয়নৰ বিষয়েও তেওঁ আলোচনা কৰে। তেওঁ ৰাজ্য চৰকাৰৰ নতুন শিক্ষা নীতি ৰূপায়ণৰ বিষয়েও বহল ভাৱে আলোচনা কৰে। তেওঁ অধ্যক্ষ সকলৰ সৈতে মত- বিনিময় কালত মহাবিদ্যালয় সমূহৰ আন্তঃগাথঁনি, পাঠ্যক্ৰম, শৈক্ষিক ব্যৱস্থাপনা তথা বিভিন্ন সমস্যাৰ বিষয়ে বিতংভাৱে বুজ লয়। তেওঁ শৈক্ষিক ব্যৱস্থাপনাৰ লগত জড়িত কাম-কাজ সমূহ খৰতকীয়া কৰাৰ পোষকতা কৰে। সভাত বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈ আৰু ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সচিব পবিত্ৰ প্ৰাণ ভট্টাচাৰ্যও উপস্থিত থাকে।
শিৱসাগৰ জিলা ভ্ৰমণকালত অভিভাৱক সচিব গৰাকীয়ে দিচাংপাৰ গাঁও পঞ্চায়তৰ অধীনস্থ কোৱামৰা সন্দিকৈ গাঁৱত “জল জীৱন মিছন”ৰ অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে উদ্বোধন কৰা কোৱামৰা পানী যোগান আঁচনি পৰিদৰ্শন কৰে।
অভিভাৱক সচিব গৰাকীয়ে আজি জিলাখনৰ দুখন শৈক্ষিক প্ৰতিষ্ঠান ক্ৰমে ৰাজীৱ গান্ধী পেট্ৰলিয়াম প্ৰযুক্তি প্ৰতিষ্ঠান আৰু অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি প্ৰতিষ্ঠান দুখনৰ আন্তঃগাথঁনি, পাঠ্যক্ৰম, শৈক্ষিক ব্যৱস্থাপনা, সুবিধা-অসুবিধা আদিৰ বিষয়ে বিস্তৃতভাৱে বুজ লয়। পৰিদৰ্শন কালত বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে সহযোগিতা কৰে আৰু শিবসাগৰৰ শিক্ষা ক্ষেত্ৰৰ উন্নয়নৰ দিশত শিক্ষা বিভাগৰ প্ৰধান সচিব গৰাকীৰ ভ্ৰমণে বিশেষ ইতিবাচক প্ৰভাৱ পেলাব বুলি মতপোষণ কৰে ।

Leave A Reply

Your email address will not be published.