অলিম্পিক সন্থাই সম্বৰ্ধনা জনালে বহু কেইগৰাকী ক্ৰীড়াবিদক

0 246

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি অলিম্পিক সন্থাৰ উদ্যোগত আজি এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে আঁত ধৰা অনুষ্ঠানটোত কেইবাগৰাকী ক্ৰীড়া ক্ষেত্ৰত পাৰদর্শিতা দেখুওৱা ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। সেইসকলৰ ভিতৰত শিবাংগী শৰ্মা, দাৰ্বি বড়ো, কবিতা দেৱী,লাভলীনা বৰগোঁহাই।
 
 
 
অনুষ্ঠানত সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে কয় যে অসম চৰকাৰে ক্ৰীড়াৰ উত্তৰণৰ হকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।ইয়াৰ ভিতৰত বিভিন্ন ঠাইত ক্ৰীড়া প্ৰকল্প ,ক্ৰীড়া বিশ্ববিদ্যালয়, আদি নিৰ্মাণ অন্যতম।
 
 
লগত তেখেতে কয় যে প্ৰফেচনেল নহ’লে বহু পিছুৱাই যায়।এই অনুষ্ঠানত ক্ৰীড়া সাংবাদিকতাৰ বাটকটীয়া প্ৰেমধৰ শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত বহু কেইগৰাকী ক্ৰীড়াপ্ৰেমী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.