অশ্ৰুসিক্ত নয়নেৰে বালিপৰাৰ সৈনিক নৰেন চন্দ্ৰ দাসক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনালে অসংখ্য গুণমুগ্ধই

0 155

বালিপৰাত দালাই লামাক চীনা সীমান্তৰপৰা সুৰক্ষিতভাৱে ভাৰতলৈ উদ্ধাৰ কৰি অনা প্ৰাক্তন সেনা জোৱান , খেলুৱৈ সদ্যপ্ৰয়াত নৰেন চন্দ্ৰ দাসৰ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি উদমাৰীগাঁৱত নৰেন চন্দ্ৰ দাসৰ বাসগৃহত ৰঙাপৰা সমষ্টিৰ বিধায়কৰ তত্বাৱধানত আৰু দাসৰ পৰিয়ালবৰ্গৰ সহযোগত অনুষ্ঠিত হয় । শ্বহীদ পৰিয়ালৰ লক্ষীৰামৰ দাসৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয় । সভাত ৰঙাপৰা বিধায়ক কৃষ্ণ কমল তাঁতীয়ে উন্মোচন কৰে প্ৰয়াত দাসৰ জীৱনপঞ্জীসম্বলিত এখন স্মৰণিকা । অনুষ্ঠানত ভালেমান দল-সংগঠন বিষয়ববীয়া, ৰাইজ, পৰিয়ালৰ লোক উপস্থিত থাকি দাসক শ্ৰদ্ধাঞ্জলি জনায়।

Leave A Reply

Your email address will not be published.