অসমত আহি উপস্থিত হ’ল অক্সিজেন এক্সপ্ৰেছ

0 270

মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই আজি মহানগৰীৰ আমিনগাঁৱৰ ইনলেণ্ড কণ্টেইনাৰ ডিপোত মুঠ ৮০ মেট্ৰিকটন মেডিকেল অক্সিজেন বহনকাৰী ৪টা ডবা কঢ়িয়াই অনা ‘অক্সিজেন এক্সপ্ৰেছ”ৰেলগাড়ীখনক আনুষ্ঠানিকভাৱে আদৰণি জনায়। উল্লেখ্য যে ঝাৰখণ্ডৰ পৰা যাত্ৰা আৰম্ভ কৰা অক্সিজেন এক্সপ্ৰেছ আজি পুৱা ৰাজ্যখনত উপস্থিত হয়।
অনুষ্ঠানস্থলীত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী ড’ শৰ্মাই অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে ৰাজ্যখনলৈ অতিৰিক্ত মেডিকেল অক্সিজেন আবণ্টন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। এই পদক্ষেপে ৰাজ্যখনত ক’ভিড ৰোগীসকলৰ চিকিৎসাৰ বাবে বৰ্ধিত অক্সিজেন প্রয়োজনীয়তা পূৰণ কৰাত যথেষ্ট সহায় কৰিব। মুখমন্ত্ৰীয়ে ৰেলগাড়ীখন অসমলৈ প্ৰেৰণৰ পদক্ষেপ লোৱাৰ বাবে কেন্দ্ৰীয় ৰলমন্ত্ৰী পীযুষ গোৱেলকো ধন্যবাদ জ্ঞাপন কৰে।
মুখামন্ত্ৰী ড’ শৰ্মাই লগতে জনায় যে এতিয়াৰ পৰা অক্সিজেন এক্সপ্ৰেছ প্রতি সপ্তাহত দুবাৰকৈ অসমলৈ আহিব আৰু প্ৰতি সপ্তাহত ৰাজ্যখনে মুঠ ১৬০ মেট্ৰিকটন অক্সিজেন লাভ কৰিব। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ নিজা প্রয়োজনীয়তা পূৰণ কৰাৰ উপৰি অসমে উত্তৰ-পূবৰ চুবুৰীয়া ৰাজ্য মেঘালয়, মণিপুৰ,নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ত্ৰিপুৰালৈ অতিৰিক্ত অক্সিজেন যোগান ধৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যখনত ৮০০ লিটাৰলৈকে মেডিকেল অক্সিজেন মজুতকৰণৰ ক্ষমতা আছে।
ৰাজ্যখনত চলি থকা ক’ভিড টীকাকৰণ অভিযানৰ কথা উল্লেখ কৰি মুখামন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ৰাজ্য চৰকাৰে দৈনিক টীকাকৰণৰ সংখ্যা বৰ্তমানৰ ৫০ হাজাৰ লোকৰ পৰা ১ লাখলৈ বৃদ্ধি কৰাৰ প্রচেষ্টা চলাই আছে।
আজিৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাৰ লগতে উত্তৰ-পূব সীমান্ত ৰেলৱ, কণ্টেইনাৰ কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেড আদিৰ অন্যান্য বিষয়াসকলো উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.