অসমত ক্ৰীড়াৰ পৰিবেশ গঢ় লৈ উঠিছে-লক্ষ্য কোঁৱৰ

0 226

সম্প্ৰতি ৰাজ্যখনত ক্ৰীড়াৰ পৰিৱেশ গঢ় লৈ উঠিছে।ক্ৰীড়া ক্ষেত্ৰত ৰাজ্য খনৰ বাবে কেবাটাও ভাল খবৰ আছে। এই মন্তব্য ক্ৰীড়া আৰু যুৱ কল্যান সচিব লক্ষ্য কোঁৱৰৰ।অসম অলিম্পিক সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেল সম্বোধন কৰি লক্ষ্য কোঁৱৰে কয় যে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ বাণিজ্যিক সন্থা ফিকিয়ে ইণ্ডিয়া স্পৰ্ট এৱাৰ্ডেৰে best promoting Award শিতানত অসমক সন্মানীত কৰিছে।অসমৰ লগতে মধ্যপ্ৰদেশে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
আনহাতে অসমত কাৰাটে আৰু বাস্কেট বলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈও প্ৰস্তুতি অব্যাহত ৰাখিছে। লগতে তেখেতে আশা প্ৰকাশ কৰি কয় যে খেলো ইণ্ডিয়া গেম ২০২১ প্ৰতিযোগিতাত অসমে উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব।এই সকলোবোৰ সম্ভৱপৰ হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দিগদৰ্শনত।
অসম এথলেটিকচ সন্থাৰ তত্বাবধানত আৰু গুবাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত কালিলৈ সৰুসঁজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকচ ষ্টেডিয়ামত প্ৰথম সদৌ অসম আন্তঃজিলা প্ৰতিভা সন্ধানী এথলেটিকচ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ১৭ আৰু অনুৰ্ধ ২১বছৰৰ (ল’ৰা-ছোৱালী)৪০০মিটাৰ আৰু ৪x৪০০মিটাৰ ৰীলেত হ’বলগীয়া প্ৰতিযোগিতাখনত ২২৭গৰাকী এথলেটে ভাগ ল’ব।প্ৰতিখন জিলাৰ স্বৰ্ণ পদকজয়ী এথলেটে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব।আনহাতে, অসম এথলেটিকচ সন্থাই ২৮-২৯ ডিচেম্বৰত গুৱাহাটীত ৩২ সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকচ প্ৰতিযোগিতা আয়োজন কৰিছে।লগতে অহাবৰ্ষৰ ২১-২৫ ফেব্ৰুৱাৰীত সন্থাই গুৱাহাটীত ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকচ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।আজি সংবাদমেলত ক্ৰীড়াৰ সন্থাৰ বিষয়ববীয়াৰ লগতে ষ্টেনলি জ’ন উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.