অসমত ক’ৰণাত আক্ৰান্ত ৰোগী নাই

0 239

ক’ৰণা ভাইৰাছকলৈ আতংকিত নহ’বলৈ আহ্বান জনাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ অধীক্ষক ডাক্তৰ ৰমেন তালুকদাৰে।
 
 
তেখেতে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি অসমত এতিয়ালৈ ক’ৰণা ভাইৰাছত আক্ৰান্ত ৰোগী পোৱা নাই ।জি এম চি এইচৰ লগতে যোৰহাট , শিলচৰ,ডিব্ৰুগড চিকিৎসা মহাবিদ্যালয়ত পৰীক্ষা ব্যৱস্থা কৰা হৈছে ।আটাইকেইখন চিকিৎসালয়ত আছুতীয়া কক্ষৰ ব্যৱস্থা কৰা হৈছে ।
 
 
জি এম চি এইছত ২৯টা নমুনা সংগ্ৰহ কৰা হৈছিল।ইয়াৰে ৭টা জি এম এইছৰ বাকী কেইটা বৰ্হি ৰাজ্যৰ বুলি ডাক্তৰ তালুকদাৰে মন্তব্য কৰে।
 
ইফালে অসম চৰকাৰে ২৯মাৰ্চলৈকে অসমৰ সকলো শিক্ষানুষ্ঠান, ছবিগৃহ, জীম, ছুইমিং পুল ক’ৰণা ভাইৰাছৰ পৰা ঘোষণা কৰিছে।

Leave A Reply

Your email address will not be published.