অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব টেটু উৎসৱ

0 248

সম্প্ৰতি যুৱ প্ৰজন্ম মাজত  বিশেষভাৱে টেটু চৰ্চিত ৷ কি যুৱক, কি যুৱতী সকলোৰে নিজৰ মন পচন্দৰ ছবিৰে দেহত টেটু অংকন কৰে ৷ দেশ বিদেশৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত টেটুৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে  ৷ যি সকলে দেহত টেটু অংকনৰ প্ৰতি আগ্ৰহী তেওঁলোকলৈ সুবৰ্ণ সুযোগ ৷ উত্তৰ পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে তিনি দিনীয়াকৈ টেটু উৎসৱ অনুষ্ঠিত হ’ব ৷ মহানগৰীৰ পাঞ্জাবাৰী এন ই ৰোড চি চি শিল্পগ্ৰামত ২১ ফেব্ৰুৱাৰীৰ  পৰা ২৩ ফেব্ৰুৱাৰীলৈ ৰিপণ এণ্ড পিয়াৰচিং টেচটেৰ্থিক প্ৰগেচিভ ৱাৰ্ক আৰু ভিকি কমিউনিকেশ্বন এণ্ড এচ’চিয়েটছে আয়োজন কৰিছে টেটু উৎসৱ ৷
এই টেটু উৎসৱ উপস্থিত  দেশ বিদেশৰ বিখ্যাত টেটু শিল্পী মণ্ডল উপস্থিত থাকিব ৷ চানি ভানশালি , চিৰাগ ঝালা নিলয় দাসকে ধৰি উপস্থিত থাকিব দেশৰ বিখ্যাত বহু গৰাকী টেটু শিল্পী ৷ ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায় যেনে লণ্ডন , শ্ৰীলংকা , ৰাছিয়া আৰু নেপালৰ বিখ্যাত টেটু শিল্পীসকলে অংশগ্ৰহণ কৰিব ৷ লণ্ডনৰ টেটু শিল্পী ডেভ টি , চেইণ্ট পিটাৰ্চবাগৰ পৰা কেট নেপালৰ পৰা বিখ্যাত টেটু শিল্পী বিমল ৰয় উপস্থিত থাকিব ৷ এই তিনিদিনীয়া কাৰ্য্যসুচীত আৰু বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰা হ’ব ৷ উত্তৰ পূবৰ বিখ্যাত বেণ্ড যন্ত্ৰ সংগীত পৰিৱেশনৰ লগতে ডি .জে.শ্ব , ফেশ্বন শ্ব , নৃত্য প্ৰতিযোগিতা , বি-বয়িং , ষ্টাণ্ট আদি বিভিন্ন কাৰ্য্যসুচীৰে অনুষ্ঠিত হ’ব ৷ টেটু অংকনক যিসকলে পেচা বা বিকল্প পেচা হিচাপে ল’ব বিচাৰে তেওঁলোকৰ অভিভাৱক সকলক পতিয়ন নিয়াৰ বাবে এই টেটু উৎসৱৰ আয়োজন বুলি কয় ৰিপণ বসাকে জানিবলৈ দিয়ে ৷
প্ৰতিদিনে দিনৰ দহ বজাৰ পৰা ৰাতি দহ বজালৈকে এই অনুষ্ঠান চলিব ৷ অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াই কয় এতিয়া যুৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় টেটু অংকন ৷ আৰু উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজন কৰা টেটু উৎসৱ এক সুন্দৰ আয়োজন ৷
ভিকি কমিউনিকেশ্বন এণ্ড এচ’চিয়েটৰ মেনেজিং ডাইৰেক্টৰ ড° সৌমেন ভট্টাচাৰ্য আৰু টেষ্টথিকৰ পৰিচালক তন্ময় শইকীয়াই টেটু শিল্পী অংকনৰ প্ৰতি আকৰ্ষিত শিল্পীসকলৰ লগতে অভিভাৱক সকলকো প্ৰত্যক্ষভাৱে জড়িত হ’বলৈ  এক সংবাদ মেল যোগে আহ্বান জনায় ৷

Leave A Reply

Your email address will not be published.