অসমলৈ ৪৩৭.১৫ কোটি টকা বান সাহাৰ্য্য আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে

0 296

কেন্দ্রীয় চৰকাৰে অসমসহ ৫খন ৰাজ্যলৈ আগবঢ়াইছে বৃহৎ অনুদান৷ বিগত বর্ষত বান, গৰাখহনীয়া আদিৰ দৰে প্রাকৃতিক দুর্যোগৰ সন্মুখীন হোৱা অসম, অৰুণাচল প্রদেশ, উৰিষ্যা, তেলেংগানা আৰু উত্তৰ প্রদেশলৈ কেন্দ্রীয় চৰকাৰে আগবঢ়াইছে ১,৭৫১.০৫ কোটি টকা৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চস্তৰীয় বৈঠকত এই পুঁজিৰ অনুমোদন জনোৱা হয়৷ উল্লেখ্য যে বিগত বর্ষত বান আৰু গৰাখহনীয়াৰ ফলত সর্বাধিক ক্ষতিগ্রস্ত হৈছে অসম৷ আনহাতে, বিগত বর্ষত বানে উৰিষ্যা আৰু উত্তৰ প্রদেশৰ ৰবি শস্যৰ বিস্তৰ ক্ষতি কৰিছে৷ কেন্দ্রীয় চৰকাৰে ৰাষ্ট্রীয় দুর্যোগ প্রশমন পুঁজিৰ (এন ডি আৰ এফ) অধীনত আগবঢ়োৱা ১,৭৫১.০৫ কোটি টকাৰ অসমে ৪৩৭.১৫ কোটি টকা লাভ কৰিব৷
আনহাতে, অৰুণাচল প্রদেশে ৭৫.৮৬ কোটি টকা, উৰিষ্যাই ৩২০.৯৪ কোটি টকা, তেলেংগানাই ২৪৫.৯৬ কোটি টকা আৰু উত্তৰ প্রদেশে ৩৮৬.০৬ কোটি টকা৷ উল্লেখ্য যে শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ এটা দলে অসম ভ্রমণকালত বানে ক্ষতিগ্রস্ত কৰা অঞ্চলসমূহ পৰিভ্রমণ কৰি ক্ষয়–ক্ষতিৰ বুজ লৈছিল৷ এই দলটোৱে শেহতীয়াকৈ দাখিল কৰা প্রতিবেদনৰ ভিত্তিতেই এন ডি আৰ এফৰ শিতানত এই ধনৰাশি কেন্দ্রীয় চৰকাৰে মোকলাই দিছে৷ উল্লেখ্য যে চলিত বর্ষত কেন্দ্রীয় চৰকাৰে এছ ডি আৰ এফৰ শিতানত ২৮খন ৰাজ্যলৈ মুঠ ১৯,০৩৬.৪৩ কোটি টকা মোকলাই দিছে৷

Leave A Reply

Your email address will not be published.