অসমীয়া চলচ্চিত্ৰ জগতলৈ আশাৰ বতৰা: পোৰ্টব্লেয়াৰ আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৪ বঁটাৰে উজলিল অসমৰ লাইফ ইন এ পাপেটে

0 217

অসমীয়া চলচ্চিত্ৰ জগতলৈ পুনৰ সুখবৰ কঢ়িয়াই আনিছে ৰাজেন দাস পৰিচালিত “লাইফ ইন এ পাপেটে৷অসমৰ বিলুপ্তপ্ৰায় পুতলা নাচৰ ওপৰত নিৰ্মাণ কৰা লাইফ ইন এ পাপেটে সমুদ্ৰ নগৰী পোৰ্টব্লেয়াৰত যোৱা ১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত পোৰ্টব্লেয়াৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৪ বঁটা লাভ কৰি অসমলৈ সন্মান কঢ়িয়াই আনিছে৷
লাইফ ইন এ পাপেটে মহোৎসৱৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ শাখাত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰি অসমীয়া চলচ্চিত্ৰ জগতলৈ আনন্দৰ বাতৰি কঢ়িয়াই আনিছে৷একেই শাখাত যুটীয়াভাৱে শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চলচ্চিত্ৰ “On The Day That I Diedয়ে৷আনহাতে অসমীয়া চলচ্চিত্ৰ লাইফ ইন এ পাপেটৰ পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে ভাৰতীয় চলচ্চিত্ৰ শাখাত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান৷একেই শাখাত ছবিখনে শ্ৰেষ্ঠ প্ৰযোজকৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে৷আনহাতে লাইফ ইন এ পাপেটে মহোৎসৱখনত ভাৰতীয় চলচ্চিত্ৰ শাখাতো শ্ৰেষ্ঠ ছবিৰ সন্মানও লাভ কৰিছে৷মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে ইটালীৰ পাওলা লাভিনী আৰু শ্ৰেষ্ঠ সহঃঅভিনেত্ৰীৰ বঁটা লাভ কৰিছে স্পেইনৰ মুনটাছা মাৰে৷চলচ্চিত্ৰ মহোৎসৱৰ আন আন শিতানত বঁটা লাভ কৰিছে অস্ট্ৰেলিয়া,মালয়েছিয়া,ইটালি,ইউনাইটেড কিংডম,ভাৰত,স্পেইন,নেডাৰলেণ্ড,কানাডা,ফিনলেণ্ড,ফিলিপাইনচ,ৰাছিয়া,আয়াৰলেণ্ড আদি বিশ্বৰ কেবাখনো দেশৰ চলচ্চিত্ৰই৷
পোৰ্টব্লেয়াৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ফেষ্টিভেল ডাইৰেক্টৰ Arumuga Sabapathy আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ফেষ্টিভেল ডাইৰেক্টৰ Arumuga Sabapathy য়ে জনোৱা অনুসৰি বিশ্বৰ প্ৰায় ৫০ খন দেশৰ চলচ্চিত্ৰই এই মহোৎসৱত অংশগ্ৰহণ কৰিছে৷লাইফ ইন এ পাপেটৰ এই সাফল্যই পৰিচালক ৰাজেন দাসৰ গৃহভূমি বজালীৰ ভালুকী গাওঁত আনন্দৰ বন্যা বোৱাইছে৷উল্লেখ্য যে ছবিখনৰ অধিক সংখ্যক চৰিত্ৰত গাঁওখনৰ কোনোদিনে কেমেৰাত অভিনয় নকৰা শিল্পীসকলে অতি স্বাভাৱিক অভিনয় কৰিছে৷মুখ্য চৰিত্ৰত অভিনয় কৰিছে আশা বৰদলৈ,দিপান্বিতা দাস,প্ৰকাশ ঠাকুৰীয়া আৰু অসম পাপেট থিয়েটাৰৰ প্ৰযোজক নাৰায়ন ডেকাই৷সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিল্পী তৰালি শৰ্মাই৷ৰিভাৰচাইড পিনাক ফ্লিমচৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে ৰাজেন দাস আৰু মিনাক্ষী দাসে৷প্ৰডাকচন ডিজাইন মৃনাল শৰ্মাৰ৷উল্লেখ্য যে অসমৰ বিলুপ্তপ্ৰায় পুতলা নাচক জীয়াই তোলাৰ প্ৰয়াসেৰে আৰু পুতলা নাচৰ শিল্পীসকলৰ দুৰ্বিসহ জীৱনৰ কাহিনীৰে নিৰ্মাণ কৰা ছবিখনে বিশ্বৰ বিভিন্ন দেশৰ চলচ্চিত্ৰ মহোৎসৱত ইতিমধ্যেই সন্মানিত হৈছে৷সদ্যনিৰ্মিত চলচ্চিত্ৰখনে আগন্তুক বৰ্ষটোত অসমলৈ অধিক সুখবৰ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে৷চলচ্চিত্ৰখনৰ এই সাফল্য পুতলা নাচৰ শিল্পীসকলৰ লগতে অসমৰ পুতলা নাচলৈ এক উল্লেখনীয় স্বীকৃতি বুলি মত প্ৰকাশ কৰিছে পৰিচালক ৰাজেন দাসে৷ ছবিখনৰ এই সাফল্যত পৰিচালকৰ লগতে সমগ্ৰ দলটোক অভিনন্দন বাৰ্তাৰে উপচাই পেলাইছে বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে৷

Leave A Reply

Your email address will not be published.