অসমীয়া ছবি জগতলৈ সুখবৰ কঢ়িয়ালে

0 262

নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰ বাবে অসমীয়া দুজন পৰিচালক মনোনীত হৈছে ।যশস্বী পৰিচালক জাহ্নু বৰুৱাই ভগা খিৰিকী আৰু ৰিমা দাসে বুলবুল ক্যান ছিং ছবি দুখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ মনোনয়ন লাভ কৰিছে ।উল্লেখযোগ্য যে ৭মে’ৰ পৰা ১২মে’লৈ অনুষ্ঠিত হ’ব লগা ১৯সংখ্যক নিউয়ৰ্ক ফিল্ম ফেষ্টিভেলত এই ছবি দুখন প্ৰদৰ্শিত হ’ব ।এইবাৰ ২৯ খন পূৰ্ণ দৈৰ্ঘ্য চলচিত্ৰ, ৩খন তথ্যচিত্ৰ আৰু ৩খন চুটি ছবি চলচিত্ৰ মহোৎসৱ খনত প্ৰদৰ্শিত হ’ব।ইয়াৰ পূৰ্বে ৰিমা দাসে বুলবুল ক্যান ছিঙৰ বাবে আন্তঃ ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল ।

Leave A Reply

Your email address will not be published.