অসমীয়া-বড়ো ভাষাত ই-লাৰ্নিং প্লেটফৰ্ম জ্ঞানশ্ৰোত- গুৱাহাটী প্ৰেছ ক্লাৱৰ জৰিয়তে বিনামূলীয়াকৈ শিক্ষা প্ৰদান সাংবাদিক সংবাদকৰ্মীৰ সন্তানলৈ

0 219

গুৱাহাটীৰ সাংবাদিক তথা সংবাদ কৰ্মীৰ সন্তানৰ অধ্যয়নৰ সুবিধাৰ্থে এক্সোচিছ প্ৰাইভেট লিমিটেড লিমিটেডে বিনামূলীয়াকৈ আগবঢ়াইছে জ্ঞানশ্ৰোত নামৰ ই-লাৰ্নিং প্লেটফৰ্ম ।ডিজিটেল শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত ইতিমধ্যে দেশৰ বহু আগশাৰীৰ কোম্পানীয়ে বিভিন্ন ই-লাৰ্নিং প্লেটফৰ্ম ব্যৱসায়িক ৰূপত বজাৰত মুকলি কৰাৰ সময়তে অসমৰ স্থানীয় কোম্পানী এক্সোচিছপ্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰি উলিয়াইছে জ্ঞানশ্ৰোত নামৰ ই-লাৰ্নিং প্লেটফৰ্ম।প্ৰথমে নৱম আৰু দশম শ্ৰেণীৰ ছেবা আৰু চিবিএছইৰ অধীনৰ ছাত্ৰ-ছাত্ৰীসকলৰ ডিজিটেল শিক্ষাৰ সুবিধাৰ্থে এই প্লেটফৰ্ম মুকলি কৰিছে সংস্থাটোৱে ।তাৎপৰ্যপূৰ্ণ ভাৱে অসমীয়া আৰু বড়ো মাধ্যমৰ উপৰি বঙালী, হিন্দী, মাৰাঠী ,গুজৰাটী, গুড়িয়া আৰু পাঞ্জাৱী ভাষাত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবেও উপলব্ধ হ’ব ।ই-লাৰ্নিংৰ বিক্ৰী প্ৰক্ৰিয়া আৰম্ভ কৰা প্ৰাকমুহূৰ্তত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত মহানগৰীৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ সন্তানৰ বাবে বিনামূলীয়াকৈ এই ই-লাৰ্নিং প্লেটফৰ্ম প্ৰদান কৰা হয়।এক্সোচিছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক মনদ্বীপ শৰ্মাই আনুষ্ঠানিক ভাৱে আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ,সাধাৰণ সম্পাদক সঞ্জয় ৰায় আৰু উপ সভাপতি ধনীৰাম কলিতাৰ হাতত ৪০টা জ্ঞানশ্ৰোতৰ পেকেজ প্ৰদান কৰে।অনুষ্ঠানত সঞ্চালক মনদ্বীপ শৰ্মাই দেশৰ বিভিন্ন কোম্পানীৰ একমাত্ৰ ইংৰাজী আৰু হিন্দী মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন ই-লাৰ্নিং সঁজুলি মাৰ্কেটিং কৰি থকাৰ সময়তে অসমীয়া বড়ো বাঙালী আদি মাধ্যম আৰু ছেবা তথা আন ৰাজ্য বৰ্ডৰ ছাত্ৰ ছাত্ৰীৰ বাবেও এনে প্লেটফৰ্ম আগবঢ়াব পাই পৰম সুখী বুলি উল্লেখ কৰে।সংবাদ মাধ্যমৰ সৈতে জড়িত লোকৰ সন্তানৰ শিক্ষাৰ প্ৰতি দেখুওৱা দায়বদ্ধতা বাবে এক্সোচিছ প্ৰাইভেট লিমিটেডক ধন্যবাদ জ্ঞাপন কৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথে।সভাত প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে মহানগৰীৰ সাংবাদিক সকলে তেওঁলোকৰ সন্তানৰ বাবে এনে ই-লাৰ্নিং প্লেটফৰ্ম গুৱাহাটীৰ প্ৰেছ ক্লাৱৰ জৰিয়তে বিনামূলীয়াকৈ লাভ কৰিব বুলি সদৰী কৰে।উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত দেশৰ ২৩ খন ৰাজ্য,৮খন কেন্দ্ৰীয়শাসিত অঞ্চল আৰু ১৪ টা শৈক্ষিক বৰ্ডৰ পাঠ্যক্ৰম সামৰি ৯ টা ভাষাত উপলব্ধ হ’ব।জ্ঞানশ্ৰোতৰ প্রি লোডেড প্ৰযুক্তিৰ ডিভাইচটোৰ বজাৰ মূল্য ৪৯৯৯ টকা বুলি কোম্পানীটোৱে সদৰী কৰে।

Leave A Reply

Your email address will not be published.