অসমৰ গৰাখহনীয়া আৰু বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে

0 239

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি, গৰা খহনীয়া আৰু গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন স্থানত হোৱা ভুমিস্খলনৰ বিষয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে বাৰ্তালাপৰ সময়ত ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন নৈৰ জলপৃষ্ঠ বৃদ্ধি আৰু ইয়াৰ ফলত হোৱা বানপানী, ধাৰাবাহিকভাৱে বৰষুণৰ ফলত হোৱা ভুমিস্খলন, এই দুৰ্যোগ সমূহত ক্ষতিগ্ৰস্ত লোকসকলৰ উদ্ধাৰ আৰু সাহাৰ্য্য অভিযান সম্পৰ্কতো বুজ লয়।বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বান পৰিস্থিতি মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। ভিডিঅ’ কনফাৰেন্স যোগে বৈঠক অনুষ্ঠিত কৰি উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ সৈতে বান পৰিস্থিতি সম্পৰ্কে বুজ লোৱাৰ লগতে উদ্ধাৰ আৰু সাহাৰ্য্য অভিযান তীব্ৰতৰ কৰি তোলাৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে অৱগত কৰে।
 
 
মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে সাহাৰ্য্য শিবিৰ সমূহত প্ৰয়োজনীয় খাদ্য যোগান, গুণগত খাদ্য প্ৰদান, ক’ভিড১৯ প্ৰট’ক’ল মানি চলা, চিকিৎসা ব্যৱস্থা পৰ্যাপ্ত কৰি ৰখাৰ বাবেও জিলা প্ৰশাসন সমূহক নিৰ্দেশ দিয়া হৈছে। বানপানীৰ উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে এন ডি আৰ এফ আৰু এচ ডি আৰ এফক নিয়োগ কৰাৰ লগতে প্ৰতিখন জিলাতে এন ডি আৰ এফ আৰু এচ ডি আৰ এফৰ পৰ্যাপ্ত বেটেলিয়ন মজুত কৰি ৰখা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
 
বানপানীৰ সময়ত শক্তি বিভাগেও যাতে উক্ত অঞ্চলত যাতে কোনো লোক বিদ্যুৎপৃষ্ঠ হ’ব নোৱাৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে শক্তি বিভাগক নিৰ্দেশ দিয়ে। অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি আৰু মুল্যবৃদ্ধি নহয় তাৰ বাবে খাদ্য আৰু অসামৰিক যোগান বিভাগক নিৰ্দেশ দিয়া হোৱা বুলি অৱগত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক।বান আৰু গৰাখহনীয়া সমস্যা মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলোধৰণৰ সহায় আৰু সহযোগিতা আগবঢ়াব বুলি কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বানপানী আৰু ভুমিস্খলনত নিহত সকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।

Leave A Reply

Your email address will not be published.