অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ প্রধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ সমাজকৰ্মী তুষাৰ পালৰ

0 239

অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে  ঘোষণা কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে যোৰহাট জিলাৰ চেলেংহাটৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শৰীৰ চৰ্চাবিদ তথা সমাজকৰ্মী তুষাৰ পালে। চেলেংহাট হেল্থ ক্লাবৰ পেডত প্ৰেৰণ কৰা পত্ৰ খনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনতি পলমে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনাইছে।
 
 
 
 
 
সমাজ কৰ্মী তুষাৰ পালে প্ৰধানমন্ত্ৰী লৈ প্ৰেৰণ কৰা পত্ৰখনত প্ৰতিবছৰে বানত অসমৰ ৩৯.৫৮% এলেকা বানপানীয়ে প্লাবিত কৰে আৰু ১৯৫০ চনৰ পৰা অসমৰ চাৰি লাখ হেক্টৰ কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ  বুলি উল্লেখ কৰি অসমক এই দুৰ্যোগৰ পৰা উদ্ধাৰ কৰিবলৈ অনুৰুধ জনায়।অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে এই সমস্যাটোৰ স্থায়ী সমাধান কৰিবলৈ সক্ষম হ’ব বুলি বিশিষ্ট শৰীৰচৰ্চাবিদ গৰাকীয়ে আশা প্ৰকাশ কৰে।
 
খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে..

Leave A Reply

Your email address will not be published.