অসমৰ বৰ্ষাৰণ্য অঞ্চলক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অভূতপূৰ্ব কাম কৰিলে

0 374

দিহিং-পাটকাই অভয়াৰণ্যৰ মাটিকালি পৰিবৰ্ধিত কৰি অসমৰ বর্ষাৰণ্য অঞ্চলক ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক উত্তৰ পূৰ্ব ভাৰতৰ পৰিৱেশ সংৰক্ষণ কাৰী গোষ্ঠী নেচাৰ্চ বেকনে উষ্ম আদৰণি জনাইছে।অসমৰ ২৩১.৬৫ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰাটো অসম তথা সমগ্ৰ ভাৰতৰ প্ৰকৃতি সংৰক্ষণৰ ইতিহাসত এটা যুগান্তকাৰী ঘটনা।
উল্লেখযোগ্য যে নেচাৰ্চ বেকনে সৰ্বপ্ৰথম এই আপুৰুগীয়া বৰ্ষাৰণ্যক ভাৰত আৰু বিশ্বৰ সন্মুখত তুলি ধৰে আৰু ১৯৯৪ চনৰ পৰা বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে দাবী উত্থাপন কৰি জনমত গঠন কৰিবলৈ আৰম্ভ কৰে।অসমৰ পৰিৱেশ সংৰক্ষণৰ ইতিহাসত এই আন্দোলন অসম বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলন নামে বিখ্যাত।
উল্লেখযোগ্য যে ২০০৪ চনত বৰ্ষাৰণ্যৰ সামান্য অঞ্চলক সামৰি অভয়াৰণ্য গঠন কৰা হয় যদিও বৰ্ষাৰণ্যৰ সৰ্বাধিক উৎকৃষ্ট অঞ্চল জয়পুৰ বনাঞ্চলক সংৰক্ষণ অঞ্চলৰ বাহিৰত থোৱা হয় আৰু জুয়পুৰ বর্ষাৰণ্যক ধ্বংস কৰি কয়লা আৰু খাৰুৱা তেল উত্তোলনৰ প্রচেষ্টা অব্যাহত ৰাখে।জয়পুৰ বৰ্ষাৰণ্যক ধ্বংস কৰি মুনাফা লাভ কৰা চেষ্টা কৰা ৰাজনৈতিক নেতা আৰু চৰকাৰী বিষয়া ধ্বংসাত্মক কাম কাজৰ কথা নেচাৰ্চ বেকনে দুই চাৰিদিনৰ ভিতৰতে ৰাইজৰ সন্মুখত উন্মোচিত কৰিব। কয়লা মাফিয়া আৰু কাঠৰ চোৰাং কাৰবাৰ লগতে কয়লা আৰু তেলৰ বাবে অসমৰ বৰ্ষাৰণ্যক বিনষ্ট কৰি দিব খোজা কু-চক্ৰটোক প্ৰতিহত কৰি মুখ্যমন্ত্ৰীয়ে জাতিৰ বাবে তথা প্ৰকৃতিৰ সংৰক্ষণৰ স্বাৰ্থত যি দৃষ্টান্ত স্থাপন কৰিলে তাৰ বাবে সমগ্ৰ অসমবাসী তেওঁ প্ৰতি কৃতজ্ঞ থাকিব।
মুখ্যমন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টীৰ সহযোগিতা অবিহনে পৃথিৱীৰ ভিতৰতে অন্যতম উৎকৃষ্ট বর্ষাৰণ্য জয়পুৰ বচোৱাটো প্ৰায় অসম্ভৱ আছিল। এই সামগ্ৰিক সংৰক্ষণৰ প্ৰক্ৰিয়া লগত যুক্ত বিজেপি সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়া,অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা,বিজেপি মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা,আৰু অসমৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা নাম বিশেষ ভাৱে উল্লেখযোগ্য।অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিও নেচাৰ্চ বেকনে আন্তৰিক জ্ঞাপন কৰিছে।অসম বন বিভাগৰ শীৰ্ষ বিষয়া প্ৰধান মুখ্য বন সংৰক্ষক অৰবিন্দ মাধৱ সিংৰ প্ৰতি নেচাৰ্চ বেকনে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।এইজন শীৰ্ষ বন বিষয়াই অসমৰ বৰ্ষাৰণ্যক বচাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
ডিব্ৰুগড় বন সংমণ্ডৰ প্ৰাধিকাৰী আৰু পূৰ্বৰ ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী ক্ৰমে প্ৰদীপ্ত বৰুৱা আৰু আশীকুৰ ৰহমান ডাঙৰীয়াক আন্তৰিক সহযোগিতা কথা নেচাৰ্চ বেকনে শ্ৰদ্ধাৰে সোৱৰিছে।বৰ্তমান ডিগবৈ বন সংমণ্ডৰ প্ৰাধিকাৰী টি এছ ৰঞ্জিত ৰাম সহযোগিতাও তেখেতে শ্ৰদ্ধাৰে সোৱৰিছে ।বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনৰ যুক্ত প্ৰত্যেক জন ব্যক্তিক নেচাৰ্চ বেকনে কৃতজ্ঞতা জ্ঞাপন কৰিছে।
উল্লেখযোগ্য যে বৰ্ষাৰণ্যৰ জয়পুৰ অঞ্চলক অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত কৰাটোৱে আছিল সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান।বৰ্ষাৰণ্যৰ সংৰক্ষণৰ বাবে মুখ্যমন্ত্ৰী অন্যতম উপদেষ্টা হৃষীকেশ গোস্বামীৰ আন্তৰিক সহযোগিতা আৰু অসমৰ অৰণ্যৰ প্ৰতি গভীৰ ভালপোৱা যি দৃষ্টান্ত তেওঁ দাঙি ধৰিলে তাৰ প্ৰতি নেচাৰ্চ বেকনে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।জয়পুৰ বৰ্ষাৰণ্যক সংৰক্ষণ অঞ্চলৰ তথা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত কৰিব বাবে কোল ইণ্ডিয়া লিমিটেড আৰু অয়েল ইণ্ডিয়া লিমিটেড ধনাত্মক প্ৰকৃতি সংৰক্ষণ নিষ্ঠা প্ৰদৰ্শন কৰিলে তাৰবাবে নেচাৰ্চ বেকনে অভিনন্দন জ্ঞাপন কৰিছে।
উল্লেখযোগ্য যে কেৱল জয়পুৰ অঞ্চলতে বৰ্তমান ২০৬ টা বনৰীয়া হাতীৰে বসবাস কৰি আছে।এই অঞ্চলৰ হলৌ বান্দৰ উৎকৃষ্ট বাসস্থান। এই অঞ্চলত বনৰীয়া মেকুৰী,বনৰীয়া চৰাই সমৃদ্ধ।সুখৰ কথা হ’ল বৰ্তমান এই অঞ্চল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত।ইয়াত পোৱা কেইটামান উল্লেখযোগ্য বন্যপ্ৰাণী হ’ল হলৌ লাজুকী বান্দৰ,হাতী,গৌৰ, ঢেঁকীয়াপতিয়া বাঘ,নাহৰ ফুটুকী, গোধাৰফুটুকী,সোণালী মেকুৰী,মাছুৱা মেকুৰী,সৰু গোধা,শৰপহু,খুটিয়া পহু,মাটিৰ ভালুক,,মুকুট পিন্ধা চৰাই,মইনা চৰাই,পৰ্বতীয়া হেন,ঈগল,ধনেশ,দেওহাঁহ সোণগুই,অজগৰ ইত্যাদি।
নেচাৰ্চ বেকনে অনুসন্ধান কৰা তথ্য অনুসৰি দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানত ৪৫ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণী, ৩০০ বনৰীয়া চৰাই,২৫ প্ৰজাতিৰ উভচৰ আৰু সৰীসৃপ,২০৫ প্ৰজাতিৰ পোক-পতংগ,৩৫ প্ৰজাতিৰ বনৰীয়া মাছ,১৬০ প্ৰজাতিৰ গছ গছনিৰ নথিভুক্ত কৰা হৈছে। ভৱিষ্যতে যে ইয়াৰ সংখ্যা বৃদ্ধি পাব তাৰ কোনো সন্দেহ নাই। দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষণা সমগ্ৰ উজনি অসমত প্ৰকৃতিভিত্তিত পৰ্যটনৰ বিশাল সম্ভাৱনা দুৱাৰ মুকলি কৰিলে ।এতিয়া অতি সোনকালে ৰাষ্ট্ৰীয় উদ্যান খন আন্তঃগাঁথনি শক্তিশালীৰূপে গঢ়ি তুলিবলৈ চৰকাৰক অনুৰোধ জনাইছে।
অসমৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনত প্ৰত্যক্ষভাৱে মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱা ব্যক্তি সকলক কৃতজ্ঞতা জ্ঞাপন কৰিছে। সেই ব্যক্তি সকলৰ ভিতৰত উল্লেখযোগ্য ব্যক্তি সকল হ’ল বিশিষ্ট লেখক হোমেন বৰগোহাঞি,ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰী,বিজ্ঞান লেখক ডঃ পৰমা মহন্ত,প্ৰাক্তন মুখ্য বনসংৰক্ষক ইন্দ্ৰজিৎ দত্ত, শিক্ষাবিদ ড° জগদিন্দ্ৰ ৰায়চৌধুৰী,ভাৰতী দত্ত, ভাৰতী কলিতা,অভিনেতা তপন দাস,বৰ্ণালী পূজাৰী,কপিল বৰা,অৰুণ নাথ,দেৱজিত মজুমদাৰ,চিত্ৰ পৰিচালক দিগন্ত মজুমদাৰ,দাদুল চলিহাৰ,ৰবিন বৰ, অল ইণ্ডিয়া ৰেডিঅ লোহিত ডেকা, সাহিত্যিক বিপুল দেউৰী, পৰমানন্দ ৰাজবংশী,বিশিষ্ট চিকিৎসক ডাঃ নাৰায়ণ উপাধ্যয়,ডাঃ শান্তনু লহকৰ, ডাঃ প্ৰণয় ফুকন,সাংবাদিক নৱ ঠাকুৰীয়া,সম্পাদক ৰূপম বৰুৱা, অজয় দত্ত, ৰন দুৱৰা,অজিত পাটোৱাৰী,বলেন দাস,প্ৰণৱ কুমাৰ বৰা,পঙ্কজগোবিন্দ মেধি,ভাস্কৰ বৰুৱা ইত্যাদি নাম বিশেষ ভাবে উল্লেখযোগ্য।
অসমৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনত প্ৰথমৰ পৰা সহযোগিতা কৰি অহা অসমৰ অসংখ্য জনসাধাৰণৰ, সাংবাদিক, চিত্ৰশিল্পী,শিক্ষাবিদ,ইলেকট্ৰনিক মেডিয়া সাংবাদিক আদি সকলোকে নেচাৰ্চ বেকনে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।আজি প্ৰায় ২৫ বছৰ পিছত বেকনৰ অন্যতম লক্ষ্য পূৰ্ণ হ’ল। তাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু চৰকাৰ লগতে প্ৰত্যেকজন শুভাকাংক্ষী আৰু সমৰ্থক সকলৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.