অসম আৰক্ষীত এক নতুন সংযোজন

0 206

অসম আৰক্ষীত আন এক নতুন সংযোজন।৩ কোটিকৈ টকা ব্যয় সাপেক্ষে ৰাজ্যৰ প্ৰতিখন থানাতে বিশেষ চাইবাৰ কিটৰ ব্যৱস্থা কৰা হৈছে৷প্ৰথম পৰ্যায়ত গুৱাহাটীৰ প্ৰতিখন থানাত চাইবাৰ কিট দিয়া হ’ব৷এই কিটৰ জৰিয়তে থানাতে চাইবাৰ অপৰাধৰ তদন্ত কৰিব পাৰিব৷কালিৰে পৰা গুৱাহাটী আৰক্ষীৰ চাইবাৰ কিটৰ প্ৰশিক্ষণ আৰম্ভ হৈছে৷ প্ৰতিজন আৰক্ষীক চিআইডিৰ কাৰ্যালয়ত চাইবাৰ কিটৰ প্ৰশিক্ষণ দিয়া হ’ব৷ইয়াৰ সমান্তৰালকৈ কালিৰে পৰা আৰম্ভ হৈছে চাইবাৰ ফৰেনচিক লেব৷চিআইডিৰ কাৰ্যালয়তে চাইবাৰ ফৰেনচিক লেবটো স্থাপন কৰা হৈছে৷
ইফালে আৰক্ষীৰ বাবে ড্ৰাগ ডিটেকচন কিটৰো ব্যৱস্থা কৰা হৈছে৷ডিটেকচন কিটৰ সহায়ত ঘটনাস্থলীতে আৰক্ষীয়ে পৰীক্ষা কৰিব পাৰিব জব্দকৃত ড্ৰাগছৰ৷

Leave A Reply

Your email address will not be published.