অসম আৰক্ষীৰ উদ্যোগ সৃষ্টিৰ সম্ভাৱনা অন্বেষণকাৰী সামাজিক উদ্দেশ্যত ফাইনাৰৰ সমৰ্থন

0 179

মহানগৰীৰ হোটেল নভটেলত ২৭ ডিচেম্বৰত আয়োজিত এক বার্তালাপ অনুষ্ঠানত ফাইনাৰ সদস্যসকলক সম্বোধন কৰে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ( আইন-শৃংখলা) জি পি সিঙে(আই পি এছ)।এই সম্বোধনত তেওঁ কয় যে তেওঁৰ বিভাগটোৱে সমগ্ৰ অসমত কোম্পানী আৰু উদ্যোগসমূহৰ সুচাৰুভাৱে পৰিচালনাৰ ক্ষেত্ৰত কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াৰ কাৰ্যকলাপ আৰু নিযুক্তি সৃষ্টিৰ স্বাৰ্থত সৰ্বাধিক সুৰক্ষা প্ৰদান কৰাতো তেওঁলোক দৃঢ় স্থিতিত।
তেওঁ অনুষ্ঠানটোত উপস্থিত থকা প্ৰতিনিধিসকলক মাইক্ৰ’ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত নতুন উদ্যোগীসকলক স্ব-নিৰ্ভৰশীল পদক্ষেপ
হাতত ধৰি ৰাখিবলৈ আহ্বান জনায়। তেওঁ যিকোনো নতুন প্ৰকল্পত সুৰক্ষাৰ প্ৰয়োজনীয়তাবোৰৰ মূল্যাঙ্কন আৰু যিকোনো অভূতপূৰ্ব ঘটনা প্ৰতিহত কৰাৰ বাবে আৰক্ষী বিভাগক অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।ইয়াৰ উপৰিও জি পি সিঙে বাৰ্তালাপৰ সময়ত চহৰখনৰ শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ দৈনন্দিন জীৱন অস্বাভাৱিক ট্রেফিকে হ্ৰাস কৰা, বৰ্তমান ৰাজ্যৰ আইন-শৃংখলা, নিম্ন পদবীৰ বিষয়াসকলৰ বাবে ৰাইজৰ সৈতে যোগাযোগৰ বাবে যোগাযোগ দক্ষতা বিকাশ উন্নত কৰাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ মতামত প্ৰকাশ কৰে ।
আনহাতে, এই বার্তালাপ অনুষ্ঠানত হিংসাৰ পথ এৰি ৰাষ্ট্ৰীয় মূলসুঁতিলৈ উভতি অহা যুৱকসকলক ফাইনাৰ সদস্যসকলৰ দ্বাৰা হাতে শিকোৱা সম্ভাৱনা, পৰামৰ্শ আৰু নিৰ্দেশনা দিয়াৰ ওপৰত আলোচনা হয়।
ইয়াৰ পূৰ্বে প্ৰতিনিধিসকলক আদৰণি জনাই ফাইনাৰৰ অধ্যক্ষ পবিত্ৰ বুঢ়াগোহাঁইয়ে কয় যে এইটো প্ৰথমবাৰৰ বাবে ফাইনাৰে
অসম আৰক্ষীৰ সৈতে এক অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াত প্ৰেজেণ্টেচন আগবঢ়াইছিল উপাধক্ষ্য ৰাজীৱ আগৰৱালে।তেওঁ “ফাইনাৰৰ এক অৱলোকন” তুলি ধৰিছিল। কমিউনিটি উন্নতিৰ বাবে তেওঁলোকৰ সামাজিক পদক্ষেপৰ বিষয়ে বৰ্ণনা কৰিছিল ডাইৰেক্টৰ আৰ কে মুৰ আৰু বিশ্বজিৎ হাজাৰিকাই। অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই ফাইনাৰৰ উপাধক্ষ্য বজৰং লোহিয়াই। তেওঁ অসম আৰক্ষীয়ে এনে ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, তাৰ লগতে এক ফলপ্ৰসূ অনুষ্ঠানটোত উপস্থিত থকা সদস্যসকলক তেওঁৰ তৰফৰ অভিনন্দন জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.