অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ মাজত হোৱা আলোচনামৰ্মে অসমলৈ ২০০০ গিৰ গাই অনাৰ ব্যৱস্থা

0 229

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত অসমলৈ ২০০০ গিৰ গাই অনাৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিধায়ক তথা গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্বত অসমৰ এটা প্ৰতিনিধি দল আজি গুজৰাটত উপস্থিত হৈ ৰাজ্যখনৰ পশুপালন মন্ত্ৰী ৰাঘৱ জি. পেটেলক সাক্ষাত কৰে। অসমৰ প্ৰতিনিধি দলটোৱে কালি আবেলি ৪ বজাৰ পৰা প্ৰায় ১ ঘণ্টা সময় ধৰি গুজৰাটৰ পশুপালন মন্ত্ৰী গৰাকীৰ লগত অসমলৈ গিৰ গাই অনাৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ মাজত হোৱা এক আলোচনাত গুজৰাটৰ পৰা অসমলৈ ২০০০ গিৰ গাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু মুখ্যমন্ত্ৰীৰ এনে উদ্যোগক বাস্তৱ ৰূপ দিবলৈ গুজৰাটত গৈ উপস্থিত হোৱা অসমৰ দলটোক নেতৃত্ব দিয়া পদ্ম হাজৰিকাই গুজৰাটৰ পশুপালন মন্ত্ৰী গৰাকীৰ সৈতে আজি আলোচনাত মিলিত হয় । বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত তিনিদিনীয়া কাৰ্যসূচীৰে গুজৰাটত গৈ উপস্থিত হোৱা অসমৰ প্ৰতিনিধি দলটোত আছে ৰাজ্যখনৰ কৃষি সঞ্চালক বিনোদ চেচান আৰু ড০ পূৰ্ণানন্দ কোঁৱৰৰ নেতৃত্বত তিনিজনীয়া পশু চিকিত্সকৰ দল । আজি অনুস্থিত হোৱা আলোচনাৰ অন্তত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অহা এক মাহৰ ভিতৰত ২০০ গিৰ গাই অসমলৈ অনাৰ ব্যৱস্থা কৰা হ’ব আৰু আগন্তুক মাৰ্চ মাহৰ ভিতৰত ৫০০ গিৰ গাই অসমলৈ অনা হ’ব । কাইলৈৰ পৰা এই গিৰ গাই নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ’ব।

Leave A Reply

Your email address will not be published.