অসম আৰোগ্য নিধিলৈ আৰ্থিক অনুদান টীয়কৰ ব্যৱসায়ীৰ

0 231

সমগ্ৰ বিশ্বতে ক’ৰণা মহামাৰীয়ে সংহাৰ  ৰূপ ধাৰণ কৰিছে। এই বিশ্ব ত্ৰাস ক’ৰণা মহামাৰীক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ,প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে।ইয়াৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰে জনসাধাৰণৰ পৰা আৰ্থিক সহাঁৰিৰ বিচাৰি আহ্বান জনাইছিল।
 
 
সেই আহ্বানৰ পৰিপ্ৰেক্ষিত ক’ৰণা  ভাইৰাছৰ সৈতে যুঁজ দিবলৈ বহু ব্যক্তিয়ে অনুদান আগবঢ়াইছে৷এইবাৰ অসম আৰোগ্য নিধিৰ পুঁজিলৈ অনুদান আগবঢ়াইছে টীয়কৰ লাহিঙৰ বুধবৰীয়াৰ ব্যৱসায়ী মঃ ৰফিক আহমেদে। উল্লেখযোগ্য যে আহমেদে ৫ হেজাৰ টকাৰ অনুদান আগবঢ়াইছে।
 
মংগলবাৰে এই ধনৰাশি মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ চেকৰ জৰিয়তে টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰাক প্ৰদান কৰে।
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে..

Leave A Reply

Your email address will not be published.