অসম আৰোগ্য নিধিলৈ ৫০ লাখ টকা আগবঢ়ালে প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে

0 449

দেশজুৰি আতংকৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছত আক্ৰান্ত লোককে ধৰি ৰাজ্যৰ দুখীয়া লোকৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা অসম আৰোগ্য নিধিলৈ ৫০ লাখ টকা দান হিচাপে আগবঢ়াইছে ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ প্ৰথম শ্ৰেণীৰ প্ৰতিষ্ঠিত ঠিকাদাৰ তথা দক্ষিণ কামৰূপ মিৰ্জাৰ বাসিন্দা অনিল দাসে।
 
 
 
যোৱা ৩ এপ্ৰিলৰ নিশা অনিল দাসে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত অসম চৰকাৰৰ বিত্ত, শিক্ষা, স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি তেওঁৰ হাতত ৫০ লাখ টকাৰ চেক প্ৰদান কৰে।
 
 
 
উল্লেখ্য দিশপুৰৰ উৰণীয়া সেতু নিৰ্মাণৰ দায়িত্ব লাভ কৰা অনিল দাসে ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ বিভিন্ন প্ৰান্তত গৃহ, পথকে ধৰি নিৰ্মাণ খণ্ডৰ লগত জড়িত হৈ আছে। সমান্তৰালভাৱে এসময়ত অসমক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হিচাপে সুনাম অৰ্জন কৰা অনিল দাস ক্ৰীড়াকে ধৰি বিভিন্ন সামাজিক, সাংস্কৃতিক প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সেৱা আগবঢ়ায় আছে।

Leave A Reply

Your email address will not be published.