অসম কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে

0 189

অসমৰ বিদ্যুৎ যোগানৰ সমগ্ৰ ব্যৱস্থাটোক শক্তিশালীকৰণৰ বাবে আজিৰ কেবিনেটে ৩২৮৪ কোটি টকা ব্যয়সাপেক্ষে বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ সেই অনুসৰি
১. বিদ্যুৎ সংবহনৰ বাবে ১৯৬ টা নতুন বিদ্যুৎ উপকেন্দ্ৰ নিৰ্মাণ৷
২. ২৬০৫ কিঃমিঃ দৈৰ্ঘ্যৰ নতুন ৩৩ কে ভি লাইন স্থাপন৷
৩. ৩০১৮ কিঃমিঃ দৈৰ্ঘ্যৰ নতুন ১১ কে ভি লাইন স্থাপন৷
৪. ২৬৭৪ টা নতুন হাই ভল্টেজ ট্ৰেন্সফৰ্মাৰ স্থাপন৷
৫. ১৮৬২৫৫ টা নতুন গ্ৰাহক প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপন৷
৬. ৪০ হাজাৰ নতুন ট্ৰেন্সফৰ্মাৰ মিটাৰ স্থাপন আদি৷
●আবকাৰী বিভাগত ৰাজহ ক্ষতি হ্ৰাস কৰাৰ লক্ষ্যৰে অন্যান্য ব্যৱস্থাৰ লগতে চুবুৰীয়া ৰাজ্য বিশেষকৈ অৰুণাচল প্ৰদেশৰ পৰা সুৰাৰ সৰবৰাহৰ ক্ষেত্ৰত ট্ৰেনজিত পাছ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সেইদৰে চুলাই মদৰ সেৱনক নিৰুৎসাহিত কৰাৰ উদ্দেশ্যে চৰকাৰী অনুমোদিত দেশীয় সুৰাৰ অনুজ্ঞাপত্ৰৰ মাচুল, আবেদন মাচুল, আমানত ধন জমা, আবকাৰী শুল্ক আদি হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
● বৰ্তমান অনিয়মীয়া হৈ থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা ২০২১ বৰ্ষৰ পৰা প্ৰতি দুবছৰৰ অন্তত নিয়মীয়াকৈ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ৰাষ্ট্ৰীয় সংহতিত অৰিহণা যোগোৱা অথবা ৰাষ্ট্ৰলৈ বৰঙনি আগবঢ়োৱা ৰাজ্য অথবা ৰাজ্যৰ বাহিৰৰ ব্যক্তি বা সংস্থালৈ এই বঁটা আগবঢ়োৱা হ’ব৷সেইদৰে এই বঁটাৰ নগদ ধনৰ পৰিমাণ পূৰ্বৰ ২ লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধিৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
ৰাজ্যখনত থকা চৰকাৰী আদৰ্শ বিদ্যালয়সমূহৰ পৰিচালনাৰ বাবে আজিৰ কেবিনেটে এক আদৰ্শ বিদ্যালয় সংগঠন গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ সেইদৰে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে অতি কমেও এখনকৈ আদৰ্শ বিদ্যালয় স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
●কৃষি বিভাগৰ সৱলীকৰণ তথা বিভাগটোৰ কৰ্মশক্তি বৃদ্ধিৰ বাবে আজিৰ কেবিনেটে ৰাজ্যৰ প্ৰতিখন জিলাতে একোজনকৈ প্ৰগ্ৰেম অফিচাৰ, একাউণ্ট অফিচাৰ আৰু মিডিয়া এক্সপাৰ্ট নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
●কৰ্তব্যৰ সময়ত মৃত্যুমুখত পৰা সামৰিক অথবা অদ্ধৰ্সামৰিক বাহিনীত কৰ্মৰত অসমৰ জোৱানসকলৰ নিকটাত্মীয়লৈ আগবঢ়োৱা এককালীন আৰ্থিক সাহায্যৰ পৰিমাণ বৰ্তমানৰ ২০ লাখ টকাৰ পৰা ৫০ লাখ টকালৈ বৃদ্ধিৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ সেইদৰে কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুওৱা ৰাজ্যৰ আৰক্ষী বিষয়া-কৰ্মী, গৃহৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱকসকলৰ নিকটাত্মীয়লৈও ৫০ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
●অসম চাহ নিগমৰ অধীনৰ বাগিচাসমূহৰ শ্ৰমিকসকললৈ অহা শাৰদীয় উৎসৱৰ সময়ত ২০ শতাংশ বানচ প্ৰদানৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ ইয়াৰ বাবে চৰকাৰৰ ব্যয় হ’ব ২৪ কোটি টকা৷
●৬৬.৩৪ কোটি টকা ব্যয়ৰে ৰাজ্যৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ বকেয়া পাৰিতোষিক বিত্ত বিভাগে মুকলি কৰাৰ বাবেও আজিৰ কেবিনেটত সিদ্ধান্ত লোৱা হয়৷
●ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰধান ৰাজ্যিক অসামৰিক বঁটাসমূহৰ নাম সাল-সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷সেই অনুসৰি ‘অসমৰত্ন’ বঁটাৰ নাম ‘অসম বৈভৱ’, ‘অসম বিভূষণ’ বঁটাৰ নাম ‘অসম সৌৰভ’ আৰু ‘অসম ভূষণ’ তথা ‘অসমশ্ৰী’ বঁটাৰ নাম ‘অসম গৌৰৱ’লৈ সলনিৰ সিদ্ধান্ত লোৱা হয়৷
●ৰাজ্যৰ নাগৰিকসকলক মাটি-বাৰীৰ দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্তি দিয়াৰ লগতে ৰাজহ প্ৰশাসনৰ আমূল সংস্কাৰৰ বাবে ২০৯.৮৪ কোটি টকা ব্যয়ৰে ‘মিছন বসুন্ধৰা’ নামৰ এক অভিলাষী পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ অহা ২ অক্টোবৰ তাৰিখে মুখ্যমন্ত্ৰীয়ে এই বিষয়ে সবিশেষ অৱগত কৰিব৷
●ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি প্ৰতিমাহে ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হ’বলগা কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে অহা-যোৱাৰ বাটত প্ৰতিগৰাকী মন্ত্ৰীয়ে একোখনকৈ জিলা ভ্ৰমণ কৰি বিভিন্ন কাম-কাজ পৰ্যালোচনা কৰিব৷ সেই অনুসৰি অহা ৩০ ছেপ্টেম্বৰ তাৰিখে ধেমাজিত অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকত অংশ ল’বলৈ যোৱা মন্ত্ৰীসকলে ভ্ৰমণ কৰিবলগীয়া জিলাসমূহ আৰু পৰ্যালোচনা কৰিবলগীয়া কাম-কাজসমূহ আজিৰ কেবিনেটত স্থিৰ কৰা হয়৷ সেইমতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অহা-যোৱাৰ বাটত ক্ৰমে কামৰূপ আৰু ডিব্ৰুগড় জিলা, অতুল বৰাই দৰং আৰু শিৱসাগৰ জিলা, চন্দ্ৰমোহন পাটোৱাৰীয়ে ওদালগুৰি আৰু যোৰহাট জিলা, উৰ্খাও গৌৰা ব্ৰহ্মই শোণিতপুৰ আৰু মৰিগাঁও জিলা, পৰিমল শুক্লবৈদ্যই বিশ্বনাথ আৰু গোলাঘাট জিলা, কেশৱ মহন্তই লখিমপুৰ আৰু চলাইদেউ জিলা, ৰণোজ পেগুৱে কামৰূপ জিলা, অশোক সিংহলে নগাঁও আৰু লখিমপুৰ জিলা, যোগেন মহনে গোলাঘাট আৰু ওদালগুৰি জিলা, সঞ্জয় কিষাণে যোৰহাট আৰু শোণিতপুৰ জিলা, অজন্তা নেওগে শিৱসাগৰ আৰু বিশ্বনাথ জিলা, পীযুষ হাজৰিকাই ডিব্ৰুগড় আৰু দৰং জিলা আৰু বিমল বৰাই চৰাইদেউ আৰু নগাঁও জিলা ভ্ৰমণ কৰি বিভিন্ন কাম-কাজৰ বুজ ল’ব৷

Leave A Reply

Your email address will not be published.