অসম জাতীয় পৰিষদত যোগদান কৰিলে অভিনেত্ৰী জেৰিফা আহমেদে

0 292

সোমবাৰে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী জেৰিফা ৱাহিদে।ইতিপূৰ্বে আজি জেৰিফা ৱাহিদে ৰাইজৰ দলত যোগদান কৰিছিল।অসম জাতীয় পৰিষদত যোগদান কৰি জেৰিফা ৱাহিদে কয় যে ৰাইজৰ দলত কাম কৰিবলৈ তেওঁ ভাল পোৱা নাছিল সেয়েহে তেওঁ ৰাইজৰ দলৰ পৰা অসম জাতীয় পৰিষদত যোগদান কৰিছো। লগতে কয় যে জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত কোনো মতানক্য নাই। ৰাইজৰ দলৰ পৰা কোনো টিকট বিচৰা নাছিল। আৰু ৰাইজৰ দলৰ পৰা প্ৰথমতে ভৱানীপুৰ, তাৰপাছত সৰুক্ষেত্ৰী আৰু দলগাওঁৰ পৰা টিকট দিব বিচৰা হৈছিল।কিন্ত ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা স্পষ্ট কৰে।
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ উপস্থিতিত অভিনেত্ৰী গৰাকীয়ে এই দলত যোগদান কৰে।তেওঁ লগতে যোগদান কৰে পূব গোৱালপাৰা সমষ্টিৰ চাৰিবাৰৰ গিয়াছুদ্দিন আহমেদৰ পুত্ৰ ড° আনিশেষ আহমেদ, অসম ফুটবল সন্থাৰ যুটীয়া সম্পাদক আমবৃত শৰ্মা আৰু আমছুৰ ৰাজ্যিক প্ৰাক্তন সভাপতি জহিৰুল হকে।

Leave A Reply

Your email address will not be published.