অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত উদযাপিত হ’ব বিশ্ব আলোকচিত্ৰ দিৱস-ডানিছ ছিদ্দিকৰ নামত উৎসৰ্গিত হ`ব এই দিৱস

0 203

সমগ্ৰ বিশ্বতে ১৯আগষ্টৰ দিনটো বিশ্ব আলোকচিত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে৷ বিগত বৰ্ষসমুহৰ দৰে এইবাৰো
অসম ফটো সাংবাদিক সন্হাই ১৯আগষ্টত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰাৰ বাবে প্ৰস্তুতি সম্পন্ন কৰিছে৷ সন্থাৰ সভাপতি চিন্ময় ৰয় আৰু সাধাৰণ সম্পাদক ৰেৱ কুমাৰ বৰাই এক প্ৰেছ বিবৃতিৰ জৰিয়তে জনোৱা অনুসৰি গুৱাহাটী প্ৰেছ ক্লাৱ প্ৰেক্ষাগৃহত দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত হবলগীয়া এইবাৰৰ বিশ্ব আলোকচিত্ৰ দিৱসটি আফগানিস্থানত তালিবানৰ আক্ৰমণত মৃত্যু বৰণ কৰা বিশিষ্ট ফটো সাংবাদিক ডানিছ ছিদ্দিকৰ নামত উৎসৰ্গিত কৰা হব৷ আনহাতে কাৰ্যসূচীত ডানিছ ছিদ্দিকৰ বিষয়ে বিশেষ বক্তৃতা প্ৰদান কৰিব জেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰে৷ অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দনে বিশিষ্ট অতিথি, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই অন্যতম অতিথি হিচাপে উপস্থিত থাকিবলগীয়া অনুষ্ঠানটোত অসম ফটো সাংবাদিক সন্থাৰ তৰফৰ পৰা জেষ্ঠ ফটো সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যক সম্বৰ্ধনা জনোৱা হ`ব বুলি বিবৃতিত উল্লেখ কৰিছে৷ দিৱসৰ প্ৰতিটো কাৰ্যসূচীত ফটোগ্ৰাফীৰ সৈতে জড়িত ব্যক্তি অথবা শুভাকাংক্ষীৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তা সকলে৷

Leave A Reply

Your email address will not be published.