অসম ষ্টাৰ্ট আপ দ্যা নেষ্টে আজি এবছৰ সম্পূর্ণ কৰে।বৰ্ষপূৰ্তি সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত আজি এক অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত উপস্থিত থাকি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে ষ্টাৰ্ট আপ দ্যা নেষ্ট তিনিজন ব্যক্তিৰ চিন্তাৰ ফচল।ভাৰতৰ বিভিন্ন ঠাইৰ লগতে ছানফ্ৰান্সেক্স’ত গৈছো আৰু প্ৰত্যক্ষ কৰিছো বিভিন্ন ষ্টাৰ্ট আপৰ সফলতা।সকলো দেশেই যেতিয়া এই ক্ষেত্ৰত আগবাঢ়ি গৈছে আমাৰ ৰাজ্য অসমনো কিয় পিছপৰি থাকে!এনে চিন্তাৰ আলমতে অসম ষ্টাৰ্ট আপ-দ্যা নেষ্ট গঢ লৈ উঠিছিল। অসফলতাত থমকি ৰ’ব নালাগে ।চেষ্টা অব্যাহত থাকিলে সফলতা অর্জন কৰিব পাৰি।আজিৰ অনুষ্ঠানত বিগত বৰ্ষৰ ষ্টাৰ্ট আপৰ খতিয়ান দাঙি ধৰি বিভিন্নজন উদ্যমীয়ে অসম ষ্টাৰ্ট আপ দ্যা নেষ্টৰ ভূমিকা সম্পর্কে বক্তব্য কৰে।অনুষ্ঠানত আই আই এন কলিকতাৰ প্ৰফেচৰ প্ৰশান্ত মিশ্ৰ,কমিচনাৰ কে কে দ্বিবেদী,এ এ আই ডি চিৰ মেনেজিং ডিৰেক্টৰ মঞ্জুলা এছ ভূঞা উপস্থিত থাকে।স্মৰ্তব্য যে ২০১৯-২০ বৰ্ষত অসম ষ্টাৰ্ট আপ দ্যা নেষ্টে পাঁচটা ষ্টাৰ্ট আপৰ দলক নিৰ্বাচন কৰিছে।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা