অসম সাহিত্য সভাৰ মনোজ্ঞ আলোচনা অনুষ্ঠিত

0 224

লকডাউন তথা ক’ভিড পৰিস্থিতিত বিভিন্ন ক্ষেত্ৰসমূহৰ কাম কাজ কৰিছে যদিও তথ্য প্ৰযুক্তিৰ পূৰ্ণ সুবিধা লৈ অসম সাহিত্য সভাই বিভিন্ন প্ৰকল্প আৰু পৰিকল্পনা আগবঢ়াই নিছে। সভাৰ নতুন সভাপতি কুলধৰ শইকীয়াৰ নেতৃত্বত সময়োপযোগী চিন্তাৰে ন ৰূপত দেখা যাব।অসম সাহিত্য সভাৰ  সভাপতি, প্ৰধান সম্পাদকে প্ৰমুখ্যে কৰি সভাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া,শুভাকাংক্ষী , লেখক,সাংবাদিক আৰু বিশেষকৈ নতুন প্ৰজন্মৰ শতাধিক প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অসম সাহিত্য সভা আৰু অসমৰ যুৱ প্ৰজন্ম শীর্ষক এখন ৱেবিনাৰ অনুষ্ঠিত হয়।
 
 
সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰা এই কাৰ্য্যসূচীত অসমৰ বিভিন্ন প্ৰান্তত ১৭৫ গৰাকী যুৱক-যুৱতী সৈতে কুলধৰ শইকীয়াই মত বিনিময় কৰে।অসম সাহিত্য সভা লগত নতুন প্ৰজন্মক কিদৰে জড়িত কৰিব পাৰি,সভাৰ কাম কাজ কিদৰে অধিক গতিশীল আৰু সময়ৰ লগত খাপ খোৱা কৰিব পাৰি এই বিষয়ে গুৰুত্ব দি সভাপতি কুলধৰ শইকীয়াই অসমৰ বিভিন্ন অঞ্চলৰ লোকৰ মতামত গ্ৰহণ কৰে।
 
অসম সাহিত্য সভাৰ শেহতীয়া বিভিন্ন পদক্ষেপ আৰু পৰিকল্পনা সম্পৰ্কেও সভাপতি গৰাকীয়ে বিৱৰি কয়।সভাৰ যুৱ সংসদ উপ সমিতিৰ আহ্বায়ক সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই আঁত ধৰা এই ৱেবিনাৰত অসম সাহিত্য সভাৰ বিষয়ববীয়া মনজিৎ সিঙ,থানেশ্বৰ মালাকাৰ,ৰমানন্দন বৰা,প্ৰফুল্ল বৰ্মন,উপেন্দ্ৰজিৎ শৰ্মা ,সভাৰ প্ৰাক্তন মুখপাত্ৰ পংকজ কুমাৰ দত্ত আদিয়ে অংশগ্ৰহণ কৰে।
অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি ই-লাইব্ৰেৰী , ওমলাগীত,নিচুকনি গীতৰ ভিডিঅ’ প্ৰস্তুত কৰালৈকে বিভিন্ন প্ৰসংগই এই আলোচনাত ঠাই পায় । বিশ্বকোষ পুনৰ প্ৰকাশৰ পৰা জনপ্ৰিয় কাৰ্টুনৰ চিৰিজৰ অসমীয়া ৰূপান্তৰলৈকে বিভিন্ন পৰামৰ্শৰ সম্পৰ্কে সভাপতি কুলধৰ শইকীয়াই বুজ লয়।
অসমীয়া ভাষা সাহিত্যৰ কিছুমান মূল্যৱান কিতাপ ডিজিটাইজেছনৰ এক বিশেষ প্ৰকল্প গ্ৰহণ কৰে। আধুনিক তথ্য প্ৰযুক্তিৰ সুবিধা লৈ অসমীয়া জনজীৱনৰ লগত জড়িত গীত মাত আদিৰ প্ৰসাৰৰ বাবে কাম কৰাৰ লগতে অসম সাহিত্য সভাই যুৱচামৰ অৰ্থনৈতিক বিকাশৰ বাবে ফলপ্ৰসূ ব্যৱস্থা লোৱাত তেখেতে গুৰুত্ব দিয়ে। সভাৰ ৱেবচাইট নতুন ৰূপত সজাই তোলা কাম চলিছে আৰু অসম সাহিত্য সভাই অচিৰেই এটা ইউটিউব চেনেল আৰম্ভ কৰিব বুলিও তেখেতে সদৰী কৰে।

Leave A Reply

Your email address will not be published.