অসম ৰাইফলছৰ সঞ্চালক প্ৰধান প্ৰদীপ চন্দ্ৰন নায়াৰে ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে এ ভি এছ এম পদক

0 218

ভাৰতীয় সেনাত এজন দক্ষ সেনা বিষয়া হিচাপে পৰিচিত, অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল প্ৰদীপ চন্দ্ৰন নায়াৰলৈ এইবাৰ আগবঢ়োৱা হৈছে ভাৰতীয় সেনাৰ অতি সন্মানীয় হিচাপে পৰিচিত অতি বিশিষ্ট সেৱা মেডেল ( এ ভি এছ এম)। ২২ নৱেম্বৰত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদীপ চন্দ্ৰন নায়াৰে ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দৰ পৰা এই বঁটা গ্ৰহণ কৰে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে নায়াৰে যুদ্ধ সেৱা মেডেল পদকৰে সন্মানিত হোৱাৰ উপৰি নাগালেণ্ডৰ অসম ৰাইফলছৰ ( উত্তৰ ) কাৰ্যালয়ত তেওঁ মহা পৰিদর্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসম , মণিপুৰ , নাগালেণ্ডকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত কাম কৰাৰ অভিজ্ঞতা থকা নায়াৰে ভাৰতীয় সেনাৰ মুৰব্বীৰ পৰাও প্ৰশংসা পৰাও লাভ কৰিছিল ।

Leave A Reply

Your email address will not be published.