অসম ৰাজহুৱা সেৱা অধিকাৰ আইনৰ সজাগতামূলক সভা সম্পন্ন

0 295

কামৰূপ জিলা উপায়ুক্তৰ ‍কাৰ্যালয়ৰ সভা কক্ষত কামৰূপ জিলাৰ সাংবাদিক সকলৰ বাবে অসম ৰাজহুৱা সেৱা অধিকাৰ আইন ২০১২ ৰ সন্দৰ্ভত যোৱা কালি এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভা খনত আইন খনৰ বিভিন্ন দিশৰ ওপৰত পাৱাৰ পইন্ট প্ৰদৰ্শনৰ দ্বাৰা উপস্থাপন কৰা হয়।
সজাগতা সভাত আইন খনৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই জিলা খনৰ অতিৰিক্ত উপায়ুক্ত সত্য জ্যোতি বৰুৱাই কয় যে, ৰাজহুৱা সেৱা অধিকাৰ আইনখন পোনপ্ৰথম বাৰৰ বাবে ২০১০ চনত মধ্য প্ৰদেশত আৰম্ভ হৈছিল।পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো আইনখনৰ কিছু দফা সংশোধনীকাৰী ২০১৯ চনত কাৰ্যকৰী কৰা হয়। এই আইনখনৰ অধীনত ১৪ টা বিভাগৰ ৫৫ বিধ সেৱক সামৰি লোৱা হৈছে। ৰাইজক চৰকাৰী কাৰ্যালয়ত অত্যাৱশ্যকীয় সেৱা সমূহ ক্ষিপ্ৰতাৰে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত উপলব্ধ কৰোৱাই আইন খনৰ মূল উদ্দেশ্য বুলি অতিৰিক্ত উপায়ুক্ত বৰুৱাই সভাত ব্যক্ত কৰে।
সভাত জিলা উপযুক্ত গৰাকীয়ে নিজৰ ভাষণত আইনখনে নাগৰিক সকলক কিদৰে উপকৃত কৰিব পাৰে সেই সম্পৰ্কত বিশ্বাস বাখ্যা কৰা। নাগৰিক সকলৰ সুবিধাৰ্থে বিশ্ব বেংকৰ অৰ্থ সাহাৰ্য্যৰে চলি থকা এ.চি.চি এছ.ডি.পি প্ৰকল্পৰ অধীনত অসম চৰকাৰে বিভিন্ন চৰকাৰী সেৱা সমূহ অনলাইন যোগে পাব পৰাকৈ এটা নতুন এপচৰ ব্যৱস্থা কৰা বুলিও উপায়ুক্ত গৰাকীয়ে সভাক অৱগত কৰে। তেওঁ লগতে কয় যে জিলাখনত ৰাজহ চক্ৰ, উন্নয়ন খণ্ড, উপ পঞ্জীয়কৰ কাৰ্য্যালয় আৰু গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়কে ধৰি মুঠ ১৫ বিধ ৰাজহুৱা সেৱা ৰাজহুৱা সেৱা উৎকৰ্ষ সাধন কেন্দ্ৰৰ জৰিয়তে চলায় থকা হৈছে বুলি তেওঁ লগতে কয়। ফলত এতিয়াৰ পৰা নাগৰিক সকলে ঘৰতে বহি অনলাইনৰ জৰিয়তে আবেদনকাৰী নিৰ্ধাৰিত সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হ’ব বুলি কয়। লগতে উপায়ুক্ত গৰাকীয়ে সভাত উপস্থিত সাংবাদিক সকলক এই আইন খনৰ বহুল প্ৰচাৰৰ বাবে আহ্বান জনায়।

Leave A Reply

Your email address will not be published.