অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱীক সম্বৰ্দ্ধনা শিৱসাগৰ জিলা প্ৰশাসনৰ

0 307

ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে চলোৱা অভিযানত বিশেষ অৰিহণা আগবঢ়োৱা অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱী সকলক উদগণি যোগোৱাৰ উদ্যোগ লৈছে জিলা প্ৰশাসনে। লক ডাউনৰ বিভিন্ন স্তৰত নিষ্ঠাৰে সেৱা আগবঢ়োৱা জিলাখনৰ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱকসকলৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যে জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে তেখেতসকললৈ আগবঢ়াইছে  ২০০০টকাকৈ মাননী।
 
 
যোৱা ৩০ মে’ত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এক সভাত উপায়ুক্ত গৰাকীয়ে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ১৪ গৰাকী প্ৰতিপালকক (ৱাৰ্ডেন) সম্বৰ্ধনা জনোৱাৰ লগতে ৩ গৰাকী প্ৰতিপালক আৰু ২৫ গৰাকী স্বেচ্ছাসেৱীক ২০০০ টকাকৈ মাননী আগবঢ়ায়।
 
 
 
নিজ বক্তব্যত জিলা উপায়ুক্ত তথা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ নিয়ন্ত্ৰক গৰাকীয়ে কয় যে, জিলাখনৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱী সকলে বিভিন্ন দুৰ্যোগৰ সময়ত দিনে নিশাই অত্যন্ত নিষ্ঠাৰে আৰু দায়বদ্ধতাৰে জনসাধাৰণলৈ সেৱা আগবঢ়াই আহিছে। লক ডাউন প্ৰক্রিয়া আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে প্ৰতিটো স্তৰত  যিধৰণে সেয়া অকল্পনীয় আৰু অত্যন্ত প্ৰশংসনীয় বুলিও উপায়ুক্ত গৰাকীয়ে মতপোষণ কৰে। এইসকল স্বেচ্ছাসেৱীক লৈ জিলা প্ৰশাসন গৌৰৱান্বিত বুলি উল্লেখ কৰি  কয় যে, এই স্বেচ্ছাসেৱী সকলে ভৱিষ্যতেও যে একেধৰণৰ উদ্যম আৰু নিষ্ঠাৰে জিলাখনৰ প্ৰতিটো কৰ্মৰাজিতে সেৱা আগবঢ়াই যাব তাত কোনো দ্বিমত নাই।
 
 
সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলিকে আদি কৰি অতিৰিক্ত উপায়ুক্ত বিদিত দাস আৰু মুন গগৈয়েও নিজ নিজ বক্তব্যৰ মাধ্যমেৰে স্বেচ্ছাসেৱী সকলক উৎসাহিত কৰে।
 
 
সভাত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপনিয়ন্ত্ৰক প্ৰাণজিত দত্তই জিলা উপায়ুক্ত গৰাকীৰে প্ৰদান কৰা উৎসাহ আৰু দিহা,পৰামৰ্শৰ বাবে ধন্যবাদ জ্ঞাপন কৰি জিলাখনৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত বিভাগটোৱে নিষ্ঠাৰে সেৱা আগবঢ়াই যাব বুলি আশ্বাস প্ৰদান কৰে।সভাত শিৱসাগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনোৰমা মৰাঙৰ লগতে ভালে সংখ্যক প্ৰশাসনিক বিষয়া, বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত আছিল।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.