অস্কাৰৰ প্রাৰম্ভিক দৌৰত অসমীয়া চলচিত্ৰ

0 249

অসমীয়া চলচিত্ৰ উদ্যোগলৈ সুখবৰ৷ বিশ্ব চলচিত্ৰ সর্বোচ্চ সন্মান অস্কাৰৰ প্রাৰম্ভিক দৌৰত অৱতীর্ণ হৈছে এখন অসমীয়া ছবি৷ কৃপাল কলিতাৰ পৰিচালিত ব্ৰীজ নামৰ ছবিখনে অস্কাৰৰ বাবে মনোনয়ন লাভ কৰিছে।ব্ৰহ্মপুত্ৰৰ প্ৰতি থকা ভালপোৱা আৰু এখন দলঙক কেন্দ্ৰ কৰি হোৱা হতাশা,ক্ষতিৰ প্ৰতিছবি চিনেমাখনৰ জৰিয়তে উপস্থাপন কৰিছে।
উল্লেখ্য যে ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্রয়োজিত ব্রীজ নামৰ ছবিখন ইতিমধ্যে ৩৫খনতকৈ অধিক আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছে৷ ৫১সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত পুৰস্কাৰ লাভ কৰা একমাত্র ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অর্জন কৰা ‘ব্রীজ’–য়ে পাইছে আন কেইবাটাও আন্তঃৰাষ্ট্রীয় সন্মান৷ ইয়াৰ ভিতৰত গ’ল্ডেন জুৰী আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহাৎসৱত সামাজিক বিষয়ৰ শ্রেষ্ঠ ছবি, ১৬সংখ্যক ত্রিশূল আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ ছবি আৰু ভাৰতৰ চলচ্চিত্র সমালোচকসকলৰ সংস্থাFIPRESCI–ৰ বিচাৰত ২০২০ চনত ভাৰতৰ শ্রেষ্ঠ দহখন চিনেমাৰ ভিতৰত স্থান লাভ কৰিছিল ৷

Leave A Reply

Your email address will not be published.